Cartoon
View Older
গুৱাহাটী,৭ জুলাই:লক্ষ্ণৌৰ সাংসদ/বিধায়ক আদালতে বৃহস্পতিবাৰে অভিনেতা তথা ৰাজনীতিক ৰাজ বব্বৰক ৩৬ বছৰ আগতে এটা বুথত প্ৰৱেশ কৰি ভোটদান প্ৰভাৱিত কৰা আৰু এজন পোলিং এজেণ্টৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত দুবছৰৰ কাৰাদণ্ড বিহে । আদালতে তেওঁৰ ওপৰত ৮,৫০০ টকাৰ জৰিমনাও আৰোপ কৰিছে। বৰ্তমান, ৰাজ বব্বৰ কংগ্ৰেছৰ জনপ্ৰিয় নেতা। তেওঁ উত্তৰ প্ৰদেশ কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে। তেওঁ উচ্চ আদালতত এই সিদ্ধান্তৰ বিৰুদ্ধে আপীল কৰিব।
১৯৯৬ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত বব্বৰক এজন চৰকাৰী বিষয়াক অপদস্ত কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল।বব্বৰ তেতিয়া সমাজবাদী পাৰ্টিত আছিল আৰু লক্ষ্ণৌৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি আছিল।ঘটনাটো ১৯৯৬ চনৰ ২ মে তাৰিখে সংঘটিত হৈছিল।
Comments