গুৱাহাটী,৮ জুলাই:বিৰাট কোহলীৰ টী-২০ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ ভৱিষ্যতক লৈ অনিশ্চয়তাৰ উদ্ভৱ হৈছে। ইংলেণ্ডৰ বিৰুদ্ধে সীমিত অভাৰৰ ক্ৰিকেট ছিৰিজত ৰানৰ মাজলৈ উভতিব নোৱাৰিলে টী-২০ বিশ্বকাপৰ বাবে ভাৰতৰ দললৈ নিৰ্বাচন কৰা নহয় কোহলীক। বি চি চি আইৰ এক সূত্ৰই দাবী কৰিছে এই কথা। ইংলেণ্ডৰ বিৰুদ্ধে ছিৰিজ হ'ব কোহলীৰ বাবে অগ্নিপৰীক্ষা। সূত্ৰটোৰ মতে, এই ছিৰিজত কোহলী ব্যর্থ হ'লে নির্বাচকে টী-২০ বিশ্বকাপৰ পৰিকল্পনাৰপৰা বাদ দিব কোহলীক।
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলিবলগীয়া পাঁচখনৰ টী-২০ আন্তঃৰাষ্ট্ৰীয় মেচৰ ছিৰিজটোৰ বাবেও হয়তো বিবেচনা কৰা নহ'ব কোহলীৰ নাম। ভাৰতৰ টী-২০ দলত কোহলী এতিয়া অপৰিহাৰ্য নহয়। মিডল অৰ্ডাৰ চম্ভালিব পৰাকৈ দলত আছে দীপক হুডা, সূর্যকুমাৰ যাদৱ আৰু হার্দিক পাণ্ডিয়াৰ দৰে যুৱ ক্ৰিকেটাৰ।
২০১৯ৰ পাছত এইপর্যন্ত এটা চেঞ্চুৰী কৰিব পৰা নাই কোহলীয়ে। আই পি এল ২০২২ত কোহলীয়ে ২২.৭৮ গড়ে মাত্র ৩৪১ ৰান কৰে। আই পি এলৰ পাছত তেওঁ খেলা নাই টী-২০ ক্রিকেট। শেহতীয়া ১০টা টী-২০ আন্তঃৰাষ্ট্ৰীয় ইনিংছত কোহলীয়ে চাৰিটা হাফ চেঞ্চুৰী কৰিছে। টীম ইণ্ডিয়াত বৰ্তি থাকিবলৈ প্ৰথমবাৰ সংগ্ৰাম কৰিবলগীয়া হৈছে পূৰ্বৰ অধিনায়কজনে। বিশেষকৈ টী-২০ত যুৱ খেলুৱৈৰ উত্থানে কোহলীৰ কেৰিয়াৰলৈ ভাবুকি আনিছে।
Comments