Classifieds
View All
নতুন দিল্লী, ৫ জুলাইঃ অব্যাহত থকা বিদেশী পুঁজি বহিৰ্গমন আৰু ডলাৰৰ শক্তিশালী অৱস্থাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে ব্যাৱসায়িক দিনটোৰ অন্তত আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ৩৮ পইচা হ্ৰাস পাই ৭৯.৩৩ত ৰয়গৈ৷
ই হৈছে ডলাৰৰ বিপৰীতে টকাৰ সৰ্বকালৰ সৰ্বনিম্ন মূল্য৷ আন্তঃবেংক বিদেশী মুদ্ৰা বিনিময় বজাৰত ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৭৯.০৪ত আৰম্ভ হয়৷ দিনটোৰ ব্যৱসায়ত টকাৰ মূল্য ৭৯.০২লৈ উত্থান ঘটে আৰু ৭৯.৩৮লৈ হ্ৰাস পায়৷ পাছত পূৰ্বৰ সামৰণিতকৈ ৩৮ পইচা মূল্য হ্ৰাস পাই ৭৯.৩৩ত ৰয়গৈ৷ সোমবাৰে দিনটোৰ অন্তত আমেৰিকান ডলাৰৰ বিপৰীতে টকাৰ মূল্য আছিল ৭৮.৯৫৷
Comments