গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ জুলাই ঃ কৃষকক উৎপাদিত ফচলৰ প্ৰাপ্য দাম আদায় দিবলৈ চৰকাৰে পাৰ্যমানে চেষ্টা চলাইছে যদিও সেই প্ৰচেষ্টাত হেঙাৰ হৈ পৰিছে প্ৰকৃতি৷ যাৰ ফলত ৰাজ্য চৰকাৰে বিভিন্ন প্ৰতিষ্ঠানৰজৰিয়তে কৃষকৰ পৰা প্ৰাপ্য মূল্যত ১০ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য লৈছিল যদিও সেই লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা ক্ষীণ হৈ পৰিছে৷
কাৰণ যিসমূহ জিলাত বৰো ধানৰ খেতি হয় সেই জিলাসমূহত হোৱা আগতীয়া বানে নূ্যনতম সমৰ্থিত মূল্যত ধান বিক্ৰী কৰাৰ কৃষকে দেখা সপোন কাঢ়ি নিলে৷ বানত ডুব যোৱা বিক্ৰীৰ বাবে অযোগ্য বৰো ধান কৃষকৰ বাবে এতিয়া হাৰমালহে হৈ পৰিল৷
বানত ক্ষতিগ্ৰস্ত প্ৰায় ৪৪ হাজাৰ হেক্টৰ কৃষিভূমিত থকা শস্যৰ ভিতৰত শাক-পাচলি, মাকৈৰ লগতে আছিল বৰো ধান৷ অসমত বছৰি প্ৰায় ৮০ূলাখ মেট্ৰিক টন ধান উৎপাদান হয়৷
আগতীয়া বানে বৰো ধানৰ খেতিৰ বিস্তৰ ক্ষতি কৰাৰ পাছত এইবাৰ ধানৰ উৎপাদন কম হোৱাৰ সম্ভাৱনা আছে৷ ধানৰ উৎপাদন বৃদ্ধি কৰি লগতে উচিত দামত ক্ৰয় কৰি কৃষক ৰাইজক উপকৃত কৰিবলৈ চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে৷ অসমৰ কৃষকে সেই সুবিধা গ্ৰহণ কৰি উৎপাদন বৃদ্ধি কৰি স্বাৱলম্বী হ’বলৈ চেষ্টাও চলাইছে, কিন্তু বাধা হৈ পৰিছে প্ৰকৃতি৷
ৰাজ্যখনৰ কৃষকৰ প্ৰধান খেতি হ’ল ধান৷ বছৰ বছৰ ধৰি চৰকাৰে উচিত মূল্যত ধান ক্ৰয় কৰাৰ সু-সংবদ্ধ ব্যৱস্থা নোলোৱাৰ ফলত লাভখোৰ ব্যৱসায়ীৰ ওচৰত কম দামত চহা খেতিয়কে ধান বিক্ৰী কৰি আহিছিল৷
এইবাৰ কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰিত কৰা মতে প্ৰতি কুইণ্টলত ১৯৪০ টকা দামত ১০ লাখ কুইণ্টল ধান ক্ৰয়ৰ লক্ষ্য বান্ধি লৈছিল৷ বৰো ধান চপোৱাৰ সময়ৰ প্ৰতি লক্ষ্য কৰি লৈ অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত ১০ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য ল’লেও সেই লক্ষ্যত ৰাজ্য চৰকাৰ উপনীত হোৱাৰ সম্ভাৱনা কম৷
কাৰণ কৃষকে বৰো ধান পথাৰৰ পৰা চপাবকে নোৱাৰিলে৷ যিসকলে বানপানীৰ মাজত ধান চপালে সেই ধান বিক্ৰীৰ বাবে উপযুক্ত নহয়৷ চৰকাৰে ঠিক কৰি দিয়া প্ৰতিষ্ঠানৰ ওচৰত নূ্যনতম সমৰ্থিত মূূল্যত কৃষকে যাতে ধান বিক্ৰী কৰে তাৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী-বিধায়ক, উপায়ুক্ত, চৰকাৰী বিষয়া, পঞ্চায়ত প্ৰতিনিধিক গাঁৱে গাঁৱে গৈ সজাগতা অভিযান চলাবলৈ নিৰ্দেশ দিছিল৷
কৃষক সজাগ হোৱাত নূ্যনতম সমৰ্থিত মূল্যত ধান বিক্ৰী কৰিবলৈ বিক্ৰী কেন্দ্ৰসমূহত গৈ ৰ,০৩,১৬৫জন কৃষকে নাম পঞ্জীয়নো কৰিলে৷ ১০ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিবলৈ ৰাজ্য চৰকাৰে লক্ষ্য ল’লেও পঞ্জীয়নভুক্তসকলৰ মাজৰ পৰা এতিয়ালৈ ৪১,২০৯টা কৃষক পৰিয়ালেহে মাত্ৰ চ্ছ্ৰ.৩৩ লাখ মেট্ৰিক টন ধান বিক্ৰী কৰিছে৷
ৰাজ্য চৰকাৰৰ কৃষি বিভাগে বানপানী কমাৰ পাছতসামূহিকভাৱে কঠীয়া পাৰি ধান খেতি কৰিবলৈ উদগনি যোগাইছে৷ শালি ধান চপোৱাৰ সময় আৰম্ভ হ’ব নৱেম্বৰৰ শেষ ভাগৰ পৰা৷ ইফালে, নূ্যনতম সমৰ্থিত মূূল্যত কৃষকৰ পৰা ধান ক্ৰয়ৰ সময় শেষ হ’ব ছেপ্টেম্বৰ মাহত৷ তেনেক্ষেত্ৰত চৰকাৰে প্ৰাপ্য দাম আদায় দি কৃষকৰ পৰা ১০ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্যত উপনীত হ’ব নোৱৰাৰ সম্ভাৱনাই অধিক হৈ পৰিছে৷
Comments