নতুন দিল্লী, ৫ জুলাইঃ মঙলবাৰে আইন বলৱৎকাৰী সঞ্চালকালয়ে [ই ডি] ধনৰ অবৈধ সৰবৰাহৰ এক তদন্তত চীনা স্মাৰ্টফ’ন প্ৰস্তুত কৰা কোম্পানী ভিভ’ আৰু ইয়াৰ সৈতে সম্পৰ্ক থকা কোম্পানীৰ বিৰুদ্ধে দেশৰ ৪৪টা স্থানত তালাচী অভিযান চলায়৷
ধনৰ অবৈধ সৰবৰাহ প্ৰতিৰোধ আইন [পি এম এল এ]-ৰ অধীনত দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ, পঞ্জাব, হাৰিয়ানা, মেঘালয়, মহাৰাষ্ট্ৰ আদি¸ কেইবাখনো ৰাজ্যত এই তালাচী চলোৱা হয়৷
শেহতীয়াকৈ দিল্লী আৰক্ষীয়ে [অৰ্থনৈতিক অপৰাধ শাখা] ৰুজু কৰা এখন এফ আই আৰৰ সন্দৰ্ভত ই ডিয়ে নিজাববীয়াকৈ ধনৰ অবৈধ সৰবৰাহৰ গোচৰ ৰুজু কৰিছিল৷ দিল্লী আৰক্ষীয়ে জম্মু-কাশ্মীৰৰ এজন বিতৰকৰ বিৰুদ্ধে ৰুজু কৰা এফ আই আৰত অভিযোগ কৰা হৈছিল যে উক্ত কোম্পানীটোৰ কেইজনমান চীনা অংশীদাৰে তেওঁলোকৰ পৰিচয়ৰ নথি জালিয়াতি কৰিছে৷
ই ডিয়ে সন্দেহ কৰে যে শ্বেল বা পেপাৰ কোম্পানী ব্যৱহাৰ কৰি অবৈধভাৱে আৰ্জন কৰা ধনৰ অবৈধ সৰবৰাহৰ বাবে জালিয়াতি কৰা হৈছে৷ উল্লেখযোগ্য যে ই ডিৰ তদন্তৰ আওতালৈ অহা ভিভ’ই প্ৰথম চীনা কোম্পানী নহয়৷
এইবছৰৰ প্ৰথমভাগত ই ডিয়ে বিদেশী মুদ্ৰা বিনিময় ব্যৱস্থাপনা আইন [ফেমা] উলংঘনৰ অভিযোগত চীনৰ জিয়াঅ’মি ইণ্ডিয়া কোম্পানীৰ প্ত,৫৫১.২৭ কোটি টকা বাজেয়া৫১ নিৰ্দেশ দিছিল৷ চীনা স্মাৰ্টফ’ন প্ৰস্তুতকাৰী কোম্পানীৰ বিৰুদ্ধে কেৱল ই ডিয়েই তদন্ত কৰি থকা নাই৷ ২০২১ চনৰ ডিচেম্বৰত আয়কৰ বিভাগে জিয়াঅ’মি, অপ্প’, ৱানপ্লাছ, ডিক্সন আৰু অন্য কোম্পানীৰ সৈতে জড়িত ১৫টা স্থানত তালাচী চলাইছিল৷
গুৱাহাটীতো ভিভ’ৰ প্ৰতিষ্ঠানত ই ডিৰ তালাচী ঃ গুৱাহাটীৰ ষ্টাফ ৰিপ’ৰ্টাৰ ঃ গুৱাহাটীৰ কেইবাটাও প্ৰতিষ্ঠানত আজি এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট আৰু আয়কৰ বিভাগে অভিযান চলাই ভালেসংখ্যক নথি-পত্ৰ জব্দ কৰে৷
এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে ভিভ’ কোম্পানীৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে অভিযান চলায়৷ বিশেষকৈ খ্ৰীষ্টানবস্তিৰ কামাখ্যা টাৱাৰ আৰু ভঙাগড়ত থকা কাৰ্যালয়ত অভিযান চলায়৷ বহিঃৰাজ্যত ৰুজু হোৱা এটা গোচৰৰ বাবে এই অভিযান চলোৱা বুলি জানিব পৰা গৈছে৷
ইফালে আয়কৰ ফাকি দিয়াৰ অভিযোগত আয়কৰ বিভাগেও আজি কণ্টিনেণ্টল মিলক’জ নামৰ এটা প্ৰতিষ্ঠানত অভিযান চলায়৷ অৱেশ্য এই অভিযানত জব্দ কৰা সামগ্ৰীৰ সঠিক তথ্য এতিয়াও পোহৰলৈ অহা নাই৷
Comments