গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ জুলাই ঃ মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণসকলে এইবাৰ লাভ কৰিব ১৬ হাজাৰকৈ টকা৷ আগতে তেওঁলোকে কম্পিউটাৰ বা লেপটপ লাভ কৰিছিল৷ আজি জনতা ভৱনত অনুষ্ঠিত কেবিনেটত অনুমোদন হোৱা সিদ্ধান্ত অনুসৰি প্ৰথম বিভাগত উত্তীৰ্ণসকলক নগদ ধন প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷
জনতা ভৱনত অনুষ্ঠিতকেবিনেট বৈঠকৰ সিদ্ধান্ত সদৰী কৰি জলসিঞ্চন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে কেবিনেটে অসম পৌৰ আইনৰ সংশোধনী অনুসৰি এতিয়াৰে পৰা দেশৰ সেৱাত নিয়োজিত সৈনিকসকলৰ প্ৰতি সন্মান জনাই তেওঁলোকৰ বিধৱা পত্নীসকলক ক’-অপাৰেটিভ টেক্স ৰেহাই দিয়া হ’ব৷
অতি ক্ষুদ্ৰ, সৰু আৰু মজলীয়া উদ্যোগীসকলক উৎসাহিত কৰাৰ বাবে ৰাজ্য চৰকাৰে এশ কোটি টকাৰ এটা ক’ৰপাছ ফাণ্ড গঠন কৰিব৷ এই ফাণ্ডৰ পৰা এম এছ এম ই উদ্যোগীসকলৰ বেংক গেৰাণ্টি ৰাজ্য চৰকাৰে বহন কৰিব৷ ইফালে উদ্যোগ আৰু বাণিজ্য বিভাগৰ অধীনত এছ আই ডি বি আই আৰু এ আই ডি চিৰ মাজত যৌথ অংশীদাৰিত্বৰে ২০০ কোটি টকাৰ পুঁজি গঠনতো অনুমোদন জনোৱা হৈছে৷
ৰাজ্য চৰকাৰৰ মুখপাত্ৰ তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কেবিনেটত গ্ৰহণ কৰা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সদৰী কৰি কয় যে 5টা মুছলমান সম্প্ৰদায়ক অসমীয়া খিলঞ্জীয়া মুছলমান হিচাপে স্বীকৃতি দিয়া হৈছে৷ গৰিয়া, মৰিয়া, দেশী, চাহ বাগিচাত থকা জলাহ আৰু চৈয়দসকলক এই স্বীকৃতি দিয়াৰ সিদ্ধান্তত অনুমোদন জনোৱা হৈছে৷
তথ্য আৰু প্ৰযুক্তি বিভাগৰ দ্বাৰা উত্থাপিত আছাম ষ্টেট ডাটা পলিচীত অনুমোদন জনোৱা হৈছে৷ ইয়াৰ বাবে মুখ্য সচিবৰ অধ্যক্ষতাত এখন নীতি ৰূপায়ণ কমিটী গঠন হ’ব৷ পৌৰ সভাৰ পৌৰ পতি, উপ পৌৰপতি আৰু সদস্যসকলৰ মাহিলি পাৰিতোষিক 5 হাজাৰ টকাকৈ আজিৰ কেবিনেটে বৃদ্ধি কৰিছে৷ কেবিনেটৰ সিদ্ধান্ত অনুসৰি পৌৰপতিসকলে এতিয়া দহ হাজাৰ টকাৰ পৰা ১৫ হাজাৰ টকা, উপ পৌৰপতিসকলে 7 হাজাৰ টকাৰ পৰা ১২ হাজাৰ টকা আৰু সদস্যসকলে 5 হাজাৰৰ পৰা ১০ হাজাৰ টকা লাভ কৰিব৷
পুৰণি যান-বাহন কেনেদৰে নষ্ট কৰা হয়, তাৰ বাবে ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগৰ কোনো নীতি নাছিল৷ আজিৰ কেবিনেটে পুৰণি বাহনবোৰ কেনেদৰে নষ্ট কৰিব, সেই কথা ঠিৰাং কৰি গ্ৰহণ কৰা নীতিতো অনুমোদন জনায়৷ আজিৰ কেবিনেটে ৰূপান্তৰ আৰু উদ্ভাৱন আয়োগৰ অধ্যক্ষ ৰমেন ডেকাক কেবিনেট আৰু উপাধ্যক্ষ ধ্ৰুৱ প্ৰসাদ বৈশ্যক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদাতো অনুমোদন জনায়৷
Comments