গুৱাহাটী,৬ জুলাই:তিনিদিনীয়া কাৰ্য্যসূচীৰে অসমত উপস্থিত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু ৷ শাসকীয় এন ডি এৰ প্ৰক্ষেপিত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু মঙলবাৰে নিশা ১০.৪৫ বজাত আহি উপস্থিত হয় গুৱাহাটীৰ বৰঝাৰ বিমান কোঠত ।
দৌপদী মুৰ্মুক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম ৰাজ্যিক বি জে পিৰ সভাপতি ভৱেশ কলিতা, সাংসদ কুইন ওজা আদিয়ে গুৱাহাটীৰ বৰঝাৰ বিমান কোঠত আদৰণি জনায়।উল্লেখ্য যে, অসমৰ ১৪৭ টা ভোটক গুৰুত্ব সহকাৰে লৈছে শাসক আৰু বিৰোধী উভয় পক্ষৰ ৰাষ্ট্ৰপতি পদৰ মনোনীত প্ৰাৰ্থীগৰাকীয়ে ৷ তিনিদিনীয়া কাৰ্যসূচীৰে পূৰ্বোত্তৰ ভ্ৰমণলৈ আহিছে দ্ৰৌপদী মুৰ্মু ৷
তেওঁ গুৱাহাটীত এন ডি এৰ সহযোগী দলসমূহৰ সাংসদ আৰু বিধায়কসকলৰ সৈতে বৈঠকত মিলিত হ’ব ।আনহাতে, অহা ১২ জুলাইত অসমলৈ অহাৰ সম্ভাৱনা আছে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিন্হা। সিন্হাৰ অসম ভ্ৰমণৰ কাৰ্যসূচী এতিয়াও চূড়ান্ত হোৱা নাই যদিও তেওঁ কংগ্ৰেছ দলৰ সাংসদ আৰু বিধায়কসকলৰ লগতে চি পি এম আৰু ৰাইজৰ দলৰ বিধায়কৰ সৈতেও আলোচনাত মিলিত হ'ব বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাজ্যখনৰ ১২৬ জন বিধায়ক আৰু ২১ জন সাংসদ, মুঠ ১৪৭ জনে ভোটদানৰ সুযোগ পাব । ১২৬ গৰাকী বিধায়কৰ ভোটৰ মূল্য ১৪,৬১৬। মনকৰিবলগীয়া যে এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰে সৈতে বিশ্বনাথৰ আছে এক গভীৰ সম্পৰ্ক । ২০০৬ চনত বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ হৈ প্ৰচাৰ চলাবলৈ বিশ্বনাথলৈ আহিছিল মুৰ্মু । বিশ্বনাথত থাকি নিৰ্বাচনী প্ৰচাৰ চলোৱা মুৰ্মু সেই সময়ত বহু স্থানীয় লোকৰ সংস্পৰ্শলৈ আহিছিল । তেতিয়াৰ ছাত্ৰ নেতা পল্লৱ লোচন দাসৰ ঘৰতো আহাৰ গ্ৰহণ কৰিছিল মুৰ্মুৱে ।
Comments