গুৱাহাটী,৬ জুলাই:হিমাচলত অঘটন ৷ বুধবাৰে পুৱা কুল্লু জিলাৰ মণিকৰণ উপত্যকাৰ চোজ গাঁৱত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ৷ ফলত ওচৰ পাজৰৰ বাসগৃহসমূহ ক্ষয়-ক্ষতি হয় ৷ এতিয়ালৈকে এই ঘটনাত ৪ জন লোক সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে ৷
ইয়াৰোপৰি গাওঁখনলৈ যোৱা একমাত্ৰ দলংখনো পানীৰ প্ৰবল সোঁতত ভাগি পৰে ৷ ততালিকে গাওঁবাসীয়ে কুল্লু প্ৰশাসনক এই বিষয়ে অৱগত কৰে ৷ খবৰ পোৱা মাত্ৰকে আৰক্ষী প্ৰশাসনৰ লগতে উদ্ধাৰকাৰী দল ঘটনাস্থলীলৈ ৰাওনা হৈছে ৷উল্লেখ্য যে ৰাতিৰে পৰা কুল্লুত বৰষুণ হৈ আছিল ৷
এনে পৰিস্থিতিত পুৱা ডাৱৰ বিস্ফোৰণ হোৱাৰ পিছতে আতংকিত হৈ পৰিছে গাওঁবাসী ৷ এই বিস্ফোৰণত বহু লোক পানীৰ মাজত আৱদ্ধ হৈ আছে ৷ উদ্ধাৰকাৰী দলে লোকসকল উদ্ধাৰ কৰিবলৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷কুল্লুৰ আৰক্ষী অধীক্ষক গুৰদেৱ শৰ্মাই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় লোকক নলা বা নদীৰ পাৰলৈ নাযাবলৈ আহ্বান জনায় ৷
Comments