গুৱাহাটী, ৬ জুলাইঃ উচ্চতম ন্যায়ালয়ে বুধবাৰে বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নূপুৰ শৰ্মাক এটা টিভি টক শ্ব’ৰ বিতৰ্কৰ সময়ত পয়গম্বৰ মোহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে গ্ৰেপ্তাৰ কৰিবলৈ উপস্থাপন কৰা যুক্তি জৰুৰী তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ কৰা এখন আবেদন প্ৰত্যাখ্যান কৰে।
ন্যায়াধীশ ইন্দিৰা বেনাৰ্জী আৰু জে কে মহেশ্বৰীক লৈ গঠিত বন্ধকালীন বিচাৰপীঠৰ সন্মুখত জৰুৰী তালিকা প্ৰস্তুত কৰা বিষয়টো আবেদনত উল্লেখ কৰা হৈছিল। অধিবক্তাই বিচাৰমণ্ডলীৰ সন্মুখত যুক্তি আগবঢ়াইছিল যে, "আৰক্ষীৰ ওচৰত অভিযোগ কৰা হৈছিল, কিন্তু নূপুৰ শৰ্মাৰ বিৰুদ্ধে এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা হোৱা নাই।"
উক্ত বিচাৰপীঠে অধিবক্তাক,"বন্ধকালীন বিচাৰপীঠৰ সন্মূখত সেই বিষয় কিয় উল্লেখ কৰা হৈছে বুলি প্ৰশ্ন কৰাৰ লগতে পঞ্জীয়কৰ সন্মূখত উত্থাপন কৰিবলৈ কয়।"
হ্ৰস্বম্যাদী আবেদনখনৰ শুনানিৰ পিছত, আদালতে বিষয়টো জৰুৰীকালীনভাৱে তালিকাভুক্ত কৰিবলৈ অস্বীকাৰ কৰে আৰু বিষয়টো তালিকাভুক্ত কৰাৰ বাবে পঞ্জীয়কৰ সন্মূখত অধিবক্তাক উল্লেখ কৰিবলৈ কয়।
Comments