সোণাৰি, ৬ জুলাই: দুৰ্ঘটনা আৰু প্ৰাকৃতিক দুৰ্যোগত প্ৰাণ হেৰুৱা জিলাখনৰ ১০ গৰাকী লোকৰ নিকটাত্মীয়ক আজি চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অধীনত মুঠ ৩০ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য (Ex-gratia)-ৰ অনুমোদন পত্ৰ প্ৰদান কৰে।
উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এই সন্দৰ্ভত অনুষ্ঠিত এখন সভাত আজি উপায়ুক্ত গৰাকীৰ পৰা এককালীন আৰ্থিক সাহায্যৰ অনুমোদন পত্ৰ লাভ কৰা হিতাধিকাৰীসকল হ'ল- হৰেন্দ্ৰ সিং, মুনু আৰান্ধৰা, ববী বুঢ়াগোহাঁই, অনিমা ডেকা, পদ্মা গগৈ, দীপেন মিলি, অজিত পৰ্জা, বেনাম কৰুৱা, নেইনা মুণ্ডা আৰু পুট্কু মুণ্ডা।
আজিৰ সভাত অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমান, সোণাৰিৰ ৰাজহ চক্ৰ বিষয়া চৈতালী ৰাণী দত্ত, মাহমৰাৰ ৰাজহ চক্ৰ বিষয়া ইণ্ডিকা গগৈ আৰু ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জিলা প্রকল্প বিষয়া বিজয়লক্ষ্মী গগৈ উপস্থিত থাকে।
Comments