লাহোৱাল, ৬ জুলাইঃ আন্তঃ ৰাষ্ট্ৰীয় আলোকচিত্ৰ প্ৰতিযোগিতাত বিশ্বৰ ভিতৰতে পুনৰ চতুৰ্থ স্থান লাভ কৰি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে ডিব্ৰুগড়ৰ বিশিষ্ট আলোকচিত্ৰ শিল্পী ডিব্ৰুগড়ৰ জ্যেষ্ঠ ফটো সাংবাদিক সৌৰভ দুৱৰাই । ইটালীৰ ফটো আৰ্টেই (FOTO ARTE) যোৱা মে’ -জুন মাহত আয়োজন কৰা ফটো প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ তেওঁ চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখযোগ্য যে ইয়াৰ আগতে তেওঁৰ দুখন উইন্টাৰ ( WINTER) শিতানত " winter morn" নামৰ ছবিখন আৰু কলা বগা শিতানত "Last try" নামৰ ছবিখন পুৰস্কৃত হৈছিল ।এইবাৰ বিষয় আছিল প্ৰতিকৃতি (Portrait) । দুৱৰাৰ " অনু" নামৰ ছবিখনে এই শিতানত চতুৰ্থ স্থান লাভ কৰে ।প্ৰত্যেক তিনি মাহৰ অন্তৰে অন্তৰে বেলেগ বেলেগ বিষয় লৈ প্ৰতিযোগিতা হয় ।এইবাৰ এই শিতানত পুৰস্কাৰ লাভ কৰা কেইজন হ’ল ক্ৰমে প্ৰথম হংকঙৰ পিদ্ৰ’ ছিছান লং , দ্বিতীয় ৰোমানিয়াৰ নীলু স্ক্ৰীপচু আৰু তৃতীয় ইটালীৰ মিছেল ইছগ্ৰ’।ফটো আৰ্টেই ১৯৮৬ চনৰ পৰাই বিভিন্ন বিষয় বাচনি কৰি ডিজিটেল ফটো প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে । ইয়াৰ পূৰ্বেও দুৱৰাৰ পাঁচ খন ছবি টপ গ’ল্ডেৰে সন্মানিত কৰিছে । উল্লেখ্য যে কেইবাখনো আন্তৰ্জাতিক আলোকচিত্ৰ প্ৰতিযোগিতাৰ বিচাৰকেৰে এখন শুৱনি সৌৰভ দুৱৰাৰ কেইবাখনো আলোক চিত্ৰ আন্তঃৰাষ্ট্ৰীয় পয্যায়ত পুৰস্কৃত হৈছে ।একক আৰু দলীয় কেইবাখনো প্ৰদৰ্শনীত অংশ গ্ৰহণ কৰা জ্যেষ্ঠ ফটো সাংবাদিক গৰাকীয়ে বহু কেইখন আলোকচিত্ৰ কৰ্মশালাত সমল ব্যক্তি হিচাবে অংশ গ্ৰহণ কৰিছে । দুৱৰাৰ প্ৰচেষ্টাতেই ডিব্ৰুগড়ত আজি কেইবাবছৰ ধৰি বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন কৰি প্ৰদর্শনীৰ লগতে কৰ্মশালাৰ আয়োজনকৰি আহিছে ।দুৱৰাৰ এই সাফল্যত ডিব্ৰুগড়ৰ লগতে ভিন্ন জনে অভিনন্দন জ্ঞাপন কৰিছে ।
Comments