গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ জুলাই ঃ ‘অসমীয়া সংবাদপত্ৰই দেশ আৰু জাতিক সমৃদ্ধ কৰিছে৷ বিগত সময়ছোৱাত অসমে দেশক বহু যোগ্য সাংবাদিক আৰু সম্পাদক দিছে৷’– এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷ অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচী ভিডিঅ’ কনফাৰেন্সিংযোগে শুভাৰম্ভ কৰি আজি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অসমীয়া সংবাদপত্ৰই ডেৰশ বছৰ অতিক্ৰম কৰিছে৷
এই সময়ছোৱাত অসমীয়া সংবাদ-পত্ৰ বহুতো ঘাত-প্ৰতিঘাতৰ মাজেৰে আগবাঢ়ি যাবলৈ সক্ষম হৈছে৷ বিকাশৰ এক যাত্ৰা আৰম্ভ কৰিছে৷ আনহাতে সংবাদ-পত্ৰসমূহৰ এতিয়া ডিজিটেল যাত্ৰা আৰম্ভ হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ ফলত বিদেশত থকা এজন লোকেও নিজ ৰাজ্যৰ খবৰসমূহ পঢ়িবলৈ সক্ষম হৈছে৷
ডিজিটেল ইণ্ডিয়াৰ এয়া আন এক খোজ বুলি জনাই প্ৰধানমন্ত্ৰীজনে আঞ্চলিক ভাষাৰ উত্তৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ কথাও উল্লেখ কৰে৷ আনহাতে, অসম তথা উত্তৰ-পূৰ্বাঞ্চল পৰ্যটন, কলা-সংস্কৃতি আৰু জৈৱ-বৈচিত্ৰ্যৰ ক্ষেত্ৰত অতুলনীয় বুলি মত ব্যক্ত কৰি মোদীয়ে কয় যে অঞ্চলটোৰ বহুতো অঞ্চল এতিয়াও পৰ্যটকৰ দৃষ্টিগোচৰলৈ অহাই নাই৷
উক্ত অঞ্চলসমূহ দেশী-বিদেশী পৰ্যটকৰ দৃষ্টিগোচৰ কৰিব পাৰিব লাগিব৷ ইফালে এক ভাৰত শ্ৰেষ্ঠ ভাৰত কথা উল্লেখ কৰি মোদীয়ে কয় যে শ্ৰীমন্ত শংকৰদেৱেও এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ কথা কৈ গৈছে৷ কিন্তু ব্ৰিটিছৰ শাসন কালত আমি বহু পিছপৰি ৰ’লোঁ৷ দেশখন ভাগ ভাগ হ’ল৷ এতিয়া আমি সেই ক্ষতি পূৰণ কৰিব লাগিব৷ আনহাতে, জৰুৰীকালীন সময়ৰ কথা সোঁৱৰণ কৰি তেওঁ সেই সময়ত অগ্ৰদূত কাকত আৰু কনকসেন ডেকাই দেখুওৱা সাহসৰ ভূয়সী প্ৰশংসা কৰে৷
মন কৰিবলগীয়া কথা যে প্ৰধানমন্ত্ৰীজনে আজিৰ ভাষণৰ আৰম্ভণিতে অসমৰ বানৰবিষয়টোও উল্লেখ কৰে৷ তেওঁ কয়– বানৰ বাবে ৰাইজ সমস্যাত পৰিছে, জনজীৱন বিপৰ্যস্ত হৈ পৰিছে৷ মুখ্যমন্ত্ৰী আৰু তেওঁৰ সতীৰ্থসকলে দিনে- নিশাই কাম কৰিছে৷ এই সন্দৰ্ভত মই বহুতৰ সৈতে কথা পাতিছোঁ৷ আজিও মই অসমবাসীক আশ্বাস দিছোঁ ভাৰত আৰু অসম চৰকাৰে ৰাইজৰ এই সমস্যা সমাধানৰবাবে কাম কৰিব৷
ইফালে অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ দি কয় যে সাংবাদিকতাকে জীৱনৰ ব্ৰত হিচাপে লৈ বিগত ৫০ বছৰে কনকসেন ডেকাই আগবঢ়োৱা ঐকান্তিক অৰিহণাৰ বাবে আজি অগ্ৰদূত কাকত অসমৰ জাতীয় জীৱনৰ এক সম্পদ তথা এক জীৱন্ত প্ৰৱাহলৈ ৰূপান্তৰিত হৈছে৷
আপোচহীন সাংবাদিকতাৰ ধাৰা অক্ষুণ্ণ ৰাখি অগ্ৰদূতে এই জয়যাত্ৰা অব্যাহত ৰাখিব বুলি আশা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীজনে কয় যে যি সময়ত আলফাৰ বিৰুদ্ধে কথা ক’বলৈ অসমৰ লোকে ভয় কৰিছিল, সেই সময়তো ডেকাই আলফাৰ বিৰুদ্ধে মাত মাতিছিল৷ স্বাধীন অসমৰ বিৰোধিতা কৰি কৈছিল– অসম ভাৰতৰ অংগৰাজ্য নহয়, অভিন্ন ৰাজ্য৷
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এই অনুষ্ঠানত অগ্ৰদূতৰ মুখ্য সম্পাদক কনকসেন ডেকাই জীৱনৰ বিভিন্ন অভিজ্ঞতাৰ কথা উল্লেখ কৰি কয় যে তেওঁ নতুন পুৰুষৰ বাবে লিখিছে আৰু অনাগত দিনতো লিখি যাব৷ আজিৰ এই অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, পীয়ুষ হাজৰিকা, অগ্ৰদূতৰ সোণালী জয়ন্তী উদ্যাপন সমিতিৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ ড॰ দয়ানন্দ পাঠককে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷
Comments