গুৱাহাটী,১১ জুলাই:প্ৰতিবাদকাৰীৰ হেঁচা বৃদ্ধি পোৱাৰ মাজতে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্সাই আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংহেক পদত্যাগ কৰাৰ কথা আনুষ্ঠানিকভাৱে অৱগত কৰে । ইয়াৰ পূৰ্বে শনিবাৰে অধ্যক্ষ মহিন্দ য়াপা আবেয়ৱৰ্ধীনাই এক সংবাদমেলত ১৩ জুলাইত ৰাষ্ট্ৰপতি পদৰ পৰা গোটাবায়া ৰাজাপাক্সাই পদত্যাগ কৰিব বুলি ঘোষণা কৰিছিল । শনিবাৰে ফ’ৰ্টৰ ৰাষ্ট্ৰপতি ভৱনত সহস্ৰাধিক লোকে এক অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি কৰাৰ পিছতে ৰাজাপাক্সাৰ পদত্যাগৰ প্ৰসংগই অধিক গুৰুত্ব লাভ কৰিছিল । আনকি অব্যাহত থকা প্ৰতিবাদৰ মাজতে প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংহেও নিজৰ পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল ।
কিন্তু ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ ভৱন দখল কৰা প্ৰতিবাদকাৰীয়ে দুয়ো নিজৰ পদৰ পৰা পদত্যাগ নকৰা পৰ্যন্ত ভৱনকেইটা দখল কৰি ৰাখিব বুলি স্পষ্ট কৰি দিছিল ।উল্লেখ্য যে, দেশখনত অধিক ভয়াৱহ হৈ পৰা অৰ্থনৈতিক মন্দাৱস্থাৰ ফলত উত্তেজনা বৃদ্ধি পাইছে ৷ যোৱা কেইসপ্তাহমানৰ ভিতৰত হাজাৰ হাজাৰ হতাশগ্ৰস্ত জনসাধাৰণে তেল ডিপ’সমূহত শাৰী পাতি থকা ব্যক্তিক আক্ৰমণ কৰাৰ লগতে আৰক্ষী আৰু সশস্ত্ৰ বাহিনীৰ লগত হোৱা কেইবাটাও সংঘৰ্ষৰ খবৰ প্ৰকাশ পাইছে ।
Comments