গুৱাহাটী,১১ জুলাই:হাৰিয়ানাৰ নিলম্বিত কংগ্ৰেছ বিধায়ক কুলদীপ বিষ্ণয়ে দেওবাৰে দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু বিজেপি সভাপতি জে পি নাড্ডােক লগ ধৰাৰ বিষয়টোৱে এতিয়া ৰাজনৈতিক মহলত বেছ চৰ্চা লাভ কৰিছে। এই বৈঠকৰ পিছতে হাৰিয়ানাৰ ৰাজনৈতিক ক্ষেত্ৰখনত কঁপনিৰ সৃষ্টি হোৱা দেখা গৈছে। জুন মাহত ৰাজ্যসভাৰ নিৰ্বাচনত ক্ৰছ ভোট দান কৰা বিষ্ণয়ে শীঘ্ৰেই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে বুলি জল্পনা-কল্পনা চলি আছে।
টুইটাৰৰ জৰিয়তে বিষ্ণোই হিন্দীত টুইটযোগে লিখিছে যে ‘অমিত শ্বাহক লগ পোৱাটো তেওঁৰ বাবে এক মহা আনন্দৰ বিষয়। এজন প্রকৃত ৰাজনীতিবিদ, মই তেওঁৰ সৈতে হোৱা বাৰ্তালাপত তেওঁৰ দক্ষতা অনুভৱ কৰিছিলো। তেওঁ বহু উচ্চ,’ বিষ্ণয়ে তেওঁৰ টুইটত এনেদৰে কয়। বিজেপিৰ মুৰব্বী নাড্ডাক লগ পাই ‘বহুত গৌৰৱান্বিত' অনুভৱ কৰা বুলিও তেওঁ উল্লেখ কৰে। নাড্ডাৰ সহজ-সৰল আৰু নম্ৰ প্ৰকৃতিয়ে তেওঁক মহান কৰি তুলিছে বুলিও হাৰিয়ানাৰ নিলম্বিত কংগ্ৰেছ নেতাজনে কয়। তেওঁ কয়- ‘তেওঁৰ সভাপতিত্বৰ কালত, বিজেপিয়ে অভূতপূর্ব সফলতা লভিছে। মই তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰিছো।'
লক্ষণীয়ভাৱে, আদমপুৰৰ ৫৩ বছৰীয়া বিধায়কজনক কংগ্ৰেছে যোৱা মাহত দলৰ সকলো পদৰ পৰা বহিষ্কাৰ কৰিছিল। ১১ জুনত তেওঁৰ নিলম্বনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিষ্ণয়ে টুইট কৰিছিল, ‘কংগ্ৰেছৰ কিছুমান নেতাৰ বাবে নিয়ম আছে আৰু আনৰ বাবে ব্যতিক্রম আছে। নিয়মবোৰ নিৰ্বাচিত লোকৰ বাবেহে প্ৰয়োগ কৰা হয় । মোৰ ক্ষেত্ৰত, মই মোৰ আত্মাৰ কথা শুনিছিলোঁ আৰু মোৰ নৈতিকতাৰ ভিত্তিত কাম কৰিছিলোঁ।' হাৰিয়ানা ৰাজ্য সভাৰ নিৰ্বাচনত ক্ৰছ ভোট দান কৰা বিষ্ণয়ে কংগ্ৰেছৰ অজয় মাকেনৰ আসনখন হেৰুৱাইছিল। তেওঁৰ ক্ৰছ-ভোটিঙৰ এসপ্তাহ পিছত, আদমপুৰৰ বিধায়কজনে এটা গোপনীয় টুইটত লিখিছিল, ‘মই জানো কেনেকৈ এটা সাপৰ ফণা গুৰি কৰিব লাগে। মই সাপৰ ভয়ত জংঘল এৰি নাযাওঁ।' বিষ্ণই আগতে কৈছিল যে তেওঁ তেওঁৰ ভৱিষ্যতৰ কাৰ্যপন্থা নির্ণয় কৰিবলৈ তেওঁৰ সমৰ্থকৰ সৈতে পৰামৰ্শ কৰি আছে। সকলো দলৰ পদৰ পৰা বহিষ্কাৰ হোৱাৰ পিছৰে পৰা বিষ্ণই বিজেপিলৈ গমনৰ যো-জা কৰি আছে। তেওঁ তেওঁৰ টুইটাৰ প্ৰফাইলৰ পৰা জ্যেষ্ঠ কংগ্ৰেছ নেতা ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ সৈতে তেওঁৰ ছবিবোৰো আঁতৰাই দিছে। এনেবোৰ কথালৈ চাই কুলদীপ বিষ্ণয়ে বিজেপিলৈ গমন কৰিব পাৰে বুলি বহুতে আলোচনা কৰিছে।
Comments