Cartoon
View Older
গুৱাহাটী,১০ জুলাই:নিজৰ জন্মদিনৰ দিনায়ে বিপদত পৰিছিল ইউটিউবাৰ গৌৰৱ তানেজা । ইউটিউবাৰগৰাকীৰ জন্মদিন উদযাপন কৰিবলৈ অনুৰাগীয়ে উত্তৰ প্ৰদেশৰ নয়ডা মেট্ৰ' ষ্টেচনত প্ৰচণ্ড ভিৰ কৰাৰ পাছতেই গ্ৰেপ্তাৰ কৰা হয় ফ্লাইয়িং বিষ্ট তানেজাক।
তানেজাই ইনষ্টাগ্ৰামৰ জৰিয়তে তেওঁৰ অনুগামীসকলক নয়ডা মেট্ৰ' ষ্টেচনত জন্মদিন উদযাপনৰ কথা প্ৰকাশ কৰিছিল। ইয়াৰ পিছতে, হাজাৰ হাজাৰ অনুৰাগী ইউটিউবাৰগৰাকীক লগ কৰিবলৈ চেক্টৰ ৫১ মেট্ৰ' ষ্টেচনত উপস্থিত হয়। হঠাতে হোৱা এই ভিৰৰ বাবে, মেট্ৰ'ৰে যাত্ৰা কৰা যাত্ৰীসকলৰ লগতে মেট্ৰ'ৰ কৰ্মচাৰীসকলো যথেষ্ট সমস্যাৰ সন্মুখীন হয় আৰু ১৪৪ ধাৰা উলংঘনৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় ইউটিউবাৰগৰাকীক।
Comments