Cartoon
View Older
গুৱাহাটী,১০ জুলাই: ২৩ জুলাইৰ পৰা ২৭ জুলাই লৈ গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া অসম অলিম্পিক যুৱ ক্রীড়া সমাৰোহলৈ ৰঙিয়া জিলা কাৰাটে সন্থাৰ তিনিগৰাকীকৈ কাৰাটে খেলুৱৈয়ে যোগ্যতা অর্জন কৰিছে। প্ৰীতপৰশ ডেকা, ত্ৰিশিতা দত্ত আৰু নয়নজ্যোতি মেচ্।
ৰঙিয়া জিলা ক্রীড়া সন্থাৰ হৈ অসম অলিম্পিক যুৱ ক্ৰীড়া সমাৰোহত এই তিনিগৰাকী খেলুৱৈয়ে প্রতিযোগিতাত অংশগ্ৰহণ কৰিব যোগ্যতা অৰ্জনকাৰী খেলুৱৈকেইগৰাকীক অসম কাৰাটে সন্থাৰ সহকাৰী সম্পাদক তথা ৰঙিয়া জিলা কাৰাটে সন্থাৰ সম্পাদক মাজহাৰুল ইছলামে অভিনন্দন জনায় আৰু আগন্তুক অসম অলিম্পিক যুৱ ক্রীড়া সমাৰোহত আশাব্যঞ্জক ফলাফল দেখুৱাব পাৰিব বুলি আশা প্রকাশ কৰাৰ লগতে আটাইকেইগৰাকী খেলুৱৈক শুভেচ্ছা জনায়।
Comments