গুৱাহাটী,১০ জুলাই : সমগ্র উত্তৰবংগত শংকৰী কলা কৃষ্টিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত আৰু মধুপুৰ সত্ৰ সমিতিৰ উদ্যোগত অহা ১৪ জুলাইৰ পৰা ২৫ জুলাই লৈ ১০ দিনীয়া সত্ৰীয়া নৃত্য আৰু বৰগীতৰ প্ৰশিক্ষণ কর্মশালা অনুষ্ঠিত হ'ব। মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে উত্তৰবংগৰ খাগ্ৰাবাৰী নামঘৰ, জলপাই গুৰিৰ জলপেশ নামঘৰ, আমগুৰি, হৰিপুৰ সত্ৰৰ উপৰিও ভাৰত-বাংলাদেশ সীমান্তৰ কেইবাটাও অঞ্চলৰ মহাপুৰুষ শংকৰদেৱৰ আদৰ্শত বিশ্বাসী আৰু অসমীয়া সত্ৰীয়া সংস্কৃতিৰ উত্তৰণৰ প্ৰচেষ্টাত ব্ৰতী হৈ থকা ১৫ গৰাকী প্ৰশিক্ষাৰ্থীৰ উপৰিও বৃহত্তৰ কোচবিহাৰ কেইবাগৰাকীও বংগবাসী যুৱক-যুৱতীয়ে বঙাইগাঁও জিলাৰ মাণিকপুৰ গীতা সত্ৰৰ সহযোগত উক্ত প্ৰশিক্ষণত অংশগ্ৰহণ কৰিব।
প্ৰশিক্ষণত প্ৰশিক্ষণ প্ৰদান কৰিব বিশিষ্ট সত্ৰীয়া শিল্পী অজয় বায়ন, গীতিকা মেধি আৰু বৰপেটা সত্ৰৰ প্ৰধান গায়ন বিজয় বায়নে। সত্ৰ সমিতিৰ সম্পাদক হৰিদেৱ দাস আৰু পুলিন পাঠকে ইতিমধ্যে মধুপুৰ সত্ৰত বাহৰ পাতি প্ৰশিক্ষণ সূচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে প্রাথমিক প্রস্তুতি চলাই আছে। এই প্ৰশিক্ষণৰ দ্বাৰা উত্তৰ বংগৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰত বাংলাদেশ সীমান্তৰ মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ অনুৰাগীসকলৰ মাজত সত্ৰীয়া কৃষ্টি-সংস্কৃতিয়ে ব্যাপক ৰূপত প্ৰচাৰ আৰু প্ৰসাৰতা লাভ কৰিব বুলি আশা কৰাৰ লগতে অসম আৰু পশ্চিম বংগৰ মাজত একতাৰ বান্ধোন আৰু অধিক শক্তিশালী ৰূপত আত্মপ্ৰকাশৰ পথ সুচল কৰি তুলিব বুলি মধুপুৰ সত্ৰ সমিতিয়ে আশা প্রকাশ কৰিছে।
Comments