Cartoon
View Older
গুৱাহাটী,১১ জুলাই:অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছিৰিজৰ দ্বিতীয় টেষ্টত শ্রীলংকাৰ মিডল অৰ্ডাৰ বেটাৰ দীনেশ চাণ্ডীমলে দ্বিশতক অৰ্জন কৰিছে । অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ ৩৬৪ ৰানৰ প্ৰত্যুত্তৰত শ্রীলংকাই আজি আটাইকেইটা উইকেটত হেৰুৱাই ৫৫৪ ৰান কৰে । চাণ্ডীমলে ২০৬ ৰাণ কৰি অপৰাজিত হৈ থাকে । কুশল মেণ্ডিছে ৮৫, এঞ্জেলো মেথিউজে ৫২ আৰু কামিন্দু মেণ্ডিছে ৬১ ৰান কৰে ।
চাণ্ডীমলে পঞ্চম উইকেটত কামিন্দুৰ সৈতে ১৩৩ ৰান যোগ দিয়াৰ পূৰ্বে চতুর্থ উইকেটত মেথিউজৰ সৈতে ৮৩ ৰানৰ যুটী বান্ধে। চাণ্ডীমলে ১৯৫টা বলত ১০০ ৰান সম্পূৰ্ণ কৰে। টেষ্টত এইটো তেওঁৰ ত্ৰয়োদশসংখ্যক চেঞ্চুৰী আনহাতে টেষ্টত নিজৰ প্ৰথমটো দ্বিশতক অৰ্জন কৰিছে চাণ্ডীমলে । টেষ্ট ক্ৰিকেটত আজি ৪৫০০ ৰানো সম্পূৰ্ণ কৰে চাণ্ডীমলে। এই মাইলৰ খুঁটিত উপনীত হোৱা তেওঁ দ্বাদশজন শ্রীলংকান বেটাৰ।
Comments