গুৱাহাটী,১১ জুলাই:ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই চমুকৈ এনটিএ আজি অভিযান্ত্ৰিক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত কৰা জইণ্ট এণ্ট্ৰেন্স এগজামিনিনেচন (জেইই) মেইনছৰ ফলাফল প্ৰকাশ কৰিছে। ফলাফলটো কালি মাজনিশা ঘোষণা কৰা হৈছিল । শিক্ষাৰ্থীসকলে jeemain.nta.nic.in তেওঁলোকৰ নম্বৰ চাব পৰিব। প্ৰায় ১৪ জন শিক্ষাৰ্থীয়ে এই পৰীক্ষাত ১০০ শতাংশ নম্বৰ অৰ্জন কৰিছে আৰু শীৰ্ষ স্থানৰ দৌৰত আছে। জেইই মেইন চেশ্যন-২ ফলাফল ঘোষণাৰ পিছত ৰেংকবোৰ ঘোষণা কৰা হ'ব।
চেশ্যন-১ ত এন.টি.এ.-য়ে বি.ই., বি.টেকৰ বাবে জে.ই.ই. মেইন ফলাফল ঘোষণা কৰিছে। ১৪ জন শিক্ষাৰ্থীৰ ভিতৰত গুৰুগ্ৰাম স্থিত সাৰ্থক মহেশ্বৰীয়ে জেইই মেইন চেশ্যন-১ ত ১০০ শতাংশ নম্বৰ অৰ্জন কৰিছে । এয়া তেওঁৰ একমাত্ৰ কৃতিত্ব নহয়। ১৮ বছৰীয়া যুৱকজনে ইণ্ডিয়ান ইনষ্টটিউট অফ চাইন্সৰ তৰফৰ পৰা আয়োজিত কিশোৰ বৈজ্ঞানীক প্ৰোৎসাহন যোজনা পৰীক্ষাৰ (কেভিৱাইপিৱাই) লগতে ৰিজিয়েনল মেথেমেটিকেল অলিম্পিয়াডতো উত্তীৰ্ণ হৈ নেশ্যনেল টেলেণ্ট চাৰ্চ এগজামিনিনেচন (এনটিএছই) বৃত্তি লাভ কৰিছে।
Comments