গুৱাহাটী,৮ জুলাই:ভাৰতৰ চতুৰ্দশ ৰাষ্ট্ৰপতি হিচাপে ২৫ জুলাইত কাৰ্যকাল সম্পূৰ্ণ কৰিব বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পূৰ্বে সকলো ক্ষমাৰ আবেদন নিস্পত্তি কৰিলে ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ বৰ্তমানৰ ৰাষ্ট্ৰপতি কোবিন্দে তেওঁৰ পূৰ্বৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ আবেদন নিষ্পত্তি কৰাৰ ধাৰা অনুসৰণ কৰা পৰিলক্ষিত হৈছে ৷ কিয়নো প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ ২০১২-১৭ চনৰ কাৰ্যকালত ৩৪ খন ক্ষমাৰ আবেদনৰ সকলোবোৰ নিষ্পত্তি কৰি থৈ গৈছিল ।
সাধাৰণতে, ভাৰতৰ সকলো প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে তেওঁলোকৰ উত্তৰাধিকাৰীসকললৈ অন্ততঃ কেইখনমান হ’লেও ক্ষমাৰ বাবে অপৰাধীসকলে জনোৱা আবেদন এৰি থৈ যায় ৷ কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম ৰাষ্ট্ৰপতি কোবিন্দ আৰু প্ৰণৱ মুখাৰ্জী ৷ কিয়নো তেওঁ পৰৰ্বতী ৰাষ্ট্ৰপতিৰ বাবে কোনো ধৰণৰ ক্ষমাৰ আবেদন বাকী ৰখা নাই ৷
ৰাষ্ট্ৰপতি সচিবালয়ৰ মতে,২০১৭ চনৰ পৰা আজিলৈকে তেওঁৰ কাৰ্যকালত যি ছয়খন আবেদন আহিছিল, সেই আটাইকেইটা আবেদন নিষ্পত্তি কৰিছিল কোবিন্দে । ২০১৮ চনৰ পৰা ২০২০ চনলৈকে সকলো ক্ষমাৰ আবেদন নাকচ কৰে কোবিন্দে । ২০১৭ চনৰ জুলাই মাহত গৃহ মন্ত্ৰালয়ৰ পৰা পৰামৰ্শ লাভ কৰাৰ পিছত ২০১৮ চনৰ এপ্ৰিল মাহত জগত ৰায়ৰ প্ৰথমখন ক্ষমাৰ আবেদন নাকচ কৰিছিল ।
Comments