Cartoon
View Older
গুৱাহাটী,৮ জুলাই:তিব্বতীয় আধ্যাত্মিক নেতা দালাই লামাই তেওঁৰ বন্ধু জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেৰ মৃত্যুৰ কথা শুনি গভীৰভাৱে মৰ্মাহত হোৱাৰ ওপৰিও গভীৰভাৱে দুখ প্ৰকাশ কৰিছে। তেওঁৰ বৌদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু পৰিচয় সংৰক্ষণৰ প্ৰচেষ্টাই সকলো তিব্বতীয় লোকক আকৰ্ষণ কৰিছিল।
তেওঁ কয়,"আজি ৰাতিপুৱা বন্দুকৰ গুলীৰ আক্ৰমণত মোৰ বন্ধু আবে শিঞ্জৰ মৃত্যু হোৱাৰ কথা শুনি মই গভীৰভাৱে দুখিত। মই তেওঁৰ বাবে প্ৰাৰ্থনা জনাইছো আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকললৈ সমবেদনা জ্ঞাপন কৰিছো।আমাৰ সমৃদ্ধ বৌদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু পৰিচয় সংৰক্ষণৰ বাবে প্ৰচেষ্টাৰ প্ৰতি তেওঁৰ সমৰ্থনে আমাক যঠেষ্ট সহায় কৰিছিল।আবে সঁচাকৈয়ে আনৰ সেৱাত এক অৰ্থপূৰ্ণ জীৱন যাপন কৰিছিল।"
Comments