গুৱাহাটী, ৯ জুলাইঃ কেৰালা উচ্চ ন্যায়ালয়ে সন্মতি অনুসৰি শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰা সন্দৰ্ভত এটা মন্তব্য প্ৰদান কৰিছে। উচ্চ ন্যায়ালয়ে শুকুৰবাৰে এটা গোচৰৰ শুনানিৰ সময়ত কৈছে যে, "যদি কোনোবাই সন্মতি অনুসৰি শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰাৰ পিছত বিবাহ কৰিবলৈ অস্বীকাৰ কৰে তেন্তে সেয়া ধৰ্ষণ কৰা হ'ব নোৱাৰে, যদিহে শাৰীৰিক সম্পৰ্ক কৰাৰ সন্মতি প্ৰৱঞ্চনামূলক বা বিপথগামী নহয়।"
যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ কৰা কেন্দ্ৰীয় চৰকাৰৰ এজন অধিবক্তাক জামিন প্ৰদান কৰাৰ সময়ত উচ্চ ন্যায়ালয়ে এই মন্তব্য প্ৰদান কৰিছে। অধিবক্তাজনক তেওঁৰ সহকৰ্মীয়ে এই গোচৰত অভিযুক্ত কৰিছিল।
কেৰালা উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশত আৰু কৈছে যে, "সন্মতি থকাৰ পিছত দুজন সঙ্গীৰ মাজত শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰাৰ পিছত বিবাহ নহ'লেও, সন্মতিপূৰ্ণ শাৰীৰিক সম্পৰ্কৰ প্ৰতি কোনো কাৰকৰ অভাৱত ইয়াক ধৰ্ষণ হিচাপে গণ্য কৰা নহ'ব।"
ন্যায়াধীশ থমাছে তেওঁৰ আদেশত কৈছে যে, "সন্মতি অনুসৰি দুজন যুৱ সঙ্গীৰ মাজত হোৱা শাৰীৰিক সম্পৰ্ক ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৬ ৰ অধীনত ধৰ্ষণ বুলি গণ্য কৰা নহ'ব, যদিহে শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰাৰ সন্মতি প্ৰৱঞ্চনামূলক বা বিপথগামী নহয়। পিছত কোনোবাই বিবাহ কৰিবলৈ অস্বীকাৰ কৰিছে বা সম্পৰ্কটো বিবাহলৈ ৰূপান্তৰ কৰাত ব্যৰ্থতা, ধৰ্ষণৰ অভিযোগ গঠন কৰিবলৈ পৰ্যাপ্ত কাৰক নহয়।"
আদালতে লগতে কৈছে যে পুৰুষ আৰু এগৰাকী মহিলাৰ মাজত শাৰীৰিক সম্পৰ্ক কেৱল তেতিয়াহে ধৰ্ষণ বুলি গণ্য কৰা হ'ব যদিহে মহিলাগৰাকীৰ ইচ্ছা বা সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰা হয় বা বলপূৰ্বক বা প্ৰৱঞ্চনাৰ দ্বাৰা সন্মতি প্ৰাপ্ত কৰা হয়। শাৰীৰিক সম্পৰ্ক আৰু বিবাহৰ প্ৰতিশ্ৰুতিৰ মাজত পোনপটীয়া সম্পৰ্ক থাকিব লাগিব।
তাৎপৰ্যপূৰ্ণভাৱে, অভিযুক্তপক্ষই অভিযোগ কৰিছিল যে, অধিবক্তাজনে বিবাহৰ প্ৰতিশ্ৰুতি দি ভুক্তভোগীগৰাকীক কেইবাবাৰো ধৰ্ষণ কৰিছিল, কিন্তু পিছত আন এগৰাকী মহিলাক বিয়া কৰাৰ সিদ্ধান্ত লৈছিল। অধিবক্তাজনক জামিনত মুক্তি দিয়া হৈছে।
Comments