গুৱাহাটী, ১৪ জুলাইঃ নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্টেন্স (এনডিপিএছ) আইনৰ গোচৰৰ বাবে এখন বিশেষ আদালতে বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ পাছপোৰ্ট ঘূৰাই বিচাৰি কৰা আবেদনৰ অনুমতি দিয়ে। আদালতে তেওঁৰ জামিন বণ্ডো বাতিল কৰিছে।
এই বছৰৰ আৰম্ভণিতে মে’ মাহত আৰিয়ানক বিগত বৰ্ষৰ ড্ৰাগছ-অন-ক্ৰুজ-কেছত নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)ৰ দ্বাৰা ক্লিন চিট দিয়া হৈছিল। যোৱা বছৰ নৱেম্বৰত জামিন পোৱাৰ পিছত আৰিয়ানে তেওঁৰ পাছপোৰ্ট আদালতত জমা দিছিল।
মে' মাহত গোচৰটোত অভিযোগপত্ৰ দাখিল কৰা এন চি বি য়ে পৰ্যাপ্ত প্ৰমাণৰ অভাৱৰ কথা উল্লেখ কৰি তেওঁ আৰু আন পাঁচজনৰ নাম অভিযুক্ত হিচাপে উল্লেখ কৰা নাছিল। ড্ৰাগছ বিৰোধী সংস্থাৰ 'ক্লিন চিট'ৰ পিছত, আৰিয়ানৰ অধিবক্তা অমিত দেশাই আৰু ৰাহুল আগৰৱালে তেওঁৰ পাছপোৰ্ট ঘূৰাই বিচাৰি বিচাৰাধীন আদালতত আবেদন কৰিছিল।
Comments