গুৱাহাটী,১৪ জুলাই:অহা শুকুৰবাৰৰ পৰা দেশত সুৰক্ষামূলক ক’ভিড ড’জ অৰ্থাৎ বুষ্টাৰ ড’জ বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব সকলোবোৰ প্ৰাপ্তবয়স্ক লোকক। ইয়াৰ পূৰ্বে ৬০ বছৰৰ ঊৰ্ধ্বৰ লোকসকলক বিনামুলীয়াকৈ এই সুৰক্ষামূলক ড’জ প্ৰদান কৰা হৈছে। আনহাতে নির্দিষ্ট মূল্যৰ বিনিময়ত অন্যান্যসকলে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত বুষ্টাৰ ড’জ লাভ কৰি আহিছে। বৰ্তমান ১৮-৫৯ বছৰ বয়সৰ ৭৭ কোটি লোক আছে। ইয়াৰে এক শতাংশতকৈ কম লোকেহে বুষ্টাৰ ড’জ ভেকচিন গ্ৰহণ কৰিছে। ইফালে দেশত ক’ভিডৰ নতুন সংক্রমন উর্ধমুখী হৈছে।
কেবাখনো ৰাজ্যত এই সংক্রমণ সংকটময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। গতিকে আজাদী কা অমৃত মহোৎসৱ অৰ্থাৎ দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আগন্তুক ৭৫ দিন একেৰাহে বিনামূলীয়া বুষ্টাৰ ক’ভিড ভেকচিন প্ৰদান কৰা হ'ব। বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্রালয়ে এই কথা প্রকাশ কৰিছে। লগতে উল্লেখ কৰা হৈছে যে ৬০ বছৰ বা ততোধিক বছৰ বয়সৰ ১৬ কোটি বাসিন্দা আছে আমাৰ দেশত। ইয়াৰে ২৬ শতাংশ লোক স্বাস্থ্যকর্মী তথা প্ৰথম শাৰীৰ ক’ভিড যোদ্ধা হিচাপে পৰিগণিত হৈছে আৰু তেওঁলোকে বুষ্টাৰ ড’জ গ্ৰহণ কৰিছে। আনহাতে যোৱা ৯ মাহৰ পূৰ্বে দেশৰ গৰিষ্ঠসংখ্যক জনগণে ক’ভিডৰ দ্বিতীয় ড’জ গ্ৰহণ কৰিছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে এই কথা প্ৰকাশ কৰিছে।
শেহতীয়াকৈ বুষ্টাৰ ড’জ গ্ৰহণৰ সময়সীমা পূৰ্বৰ ৯ মাহৰ পৰিৱৰ্তে ৬ মাহলৈ হ্ৰাস কৰা হৈছে। সেয়েহে দেশত পুনৰ ক’ভিডৰ সংক্ৰমণ উর্ধমুখী হোৱাৰ ফলশ্ৰুতিত এতিয়া সকলো প্রাপ্তবয়স্ক ব্যক্তিক ভেকচিন প্ৰদানৰ বাবে চৰকাৰে পৰিকল্পনা কৰিছে। অহা ১৫ জুলাইৰ পৰা এই বিশেষ ভেকচিন প্রদান অভিযান আৰম্ভ হ'ব। প্ৰতিটো ঘৰতে বুষ্টাৰ ভেকচিন প্রদান কৰিবলৈ স্বাস্থ্যকৰ্মীসকলক ঘৰে ঘৰে প্ৰেৰণ কৰা হ'ব। উল্লেখ্য যে দেশৰ ৯৬ শতাংশ বাসিন্দাই প্ৰথমপালি আৰু ৮৭ শতাংশই দ্বিতীয় পালি ভেকচিন সম্পূৰ্ণ কৰিছে। ইফালে চলিত বৰ্ষৰ ১০ এপ্ৰিলৰ পৰা ১৮ বছৰৰ উৰ্ধৰ লোকসকলক বুষ্টাৰ ড’জ প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। চলিত বৰ্ষৰ ভিতৰতে ৫-১২ বছৰ বয়সৰ নাবালকসকলক ক’ভিড ভেকচিন দিয়াৰ পৰিকল্পনা চূড়ান্ত কৰা হৈছে। চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা ১৫-১৮ বছৰীয়া সকলক আৰু ১৬ মাৰ্চৰ পৰা ১২-১৪ বছৰীয়াসকলক ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া অব্যাহত ৰখা হৈছে। গতিকে দ্বিতীয়পালি ভেকচিন গ্ৰহণ কৰা সকলো ১৮ বছৰৰ উৰ্ধৰ ব্যক্তিকে যাতে সুৰক্ষামূলক ভেকচিন ড’জ প্রদান কৰিব পাৰি, বিশেষকৈ যিসকলৰ দ্বিতীয় পালি ভেকচিন গ্ৰহণৰ সময় ছমাহ অতিক্ৰম কৰিছে, ইয়াৰ বাবে অহা শুকুৰবাৰৰ পৰা যুদ্ধকালীন তৎপৰতা আৰম্ভ কৰা হ’ব পৰৱৰ্তী ৭৫ দিনৰ কাৰণে।
Comments