গুৱাহাটী,১৪ জুলাই:সৰ্থেবাৰীত তিনিজন যুৱকৰ নেতৃত্বত গ্ৰহণ কৰা হৈছে এক সুন্দৰ পদক্ষেপৰ । ভাস্কৰ ডেকা,হিৰণ্য ভূঞা আৰু ধীৰাজ ডেকাই সৰ্থেবাৰীৰ একাংশ ছাত্ৰ ছাত্ৰীৰ সমস্যাৰ কথা বুজি আয়োজন কৰিছে ১২ দিনীয়া বিনামূলীয়া ক'চিং ক্লাছৰ । তেওঁলোকৰ এই প্ৰচেষ্টাই ইতিমধ্যে সামাজিক মাধ্যমতো যথেষ্ট সঁহাৰি লাভ কৰিছে ।
গৰমৰ বন্ধৰ সময়ত সৰ্থেবাৰীৰ লগতে ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চল সমূহৰ ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধাৰ্থে আৰম্ভ কৰা এই বিনামূলীয়া ক'চিং ক্লাছে বান বিধ্বস্ত সৰ্থেবাৰীৰ অভিভাৱক সকলক যঠেষ্ট সকাহ প্ৰদান কৰিছে । সৰ্থেবাৰীস্থিত ছোৱালী হাইস্কুলত বিগত ৪ জুলাইৰ পৰা আৰম্ভ হোৱা এই পাঠদান অন্ত পৰিব ২০ জুলাইত ।
ইংৰাজী আৰু গণিত বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মূলতঃ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধাৰ্থে আয়োজন কৰা এই পদক্ষেপ সন্দৰ্ভত শিক্ষক ভাস্কৰ ডেকাই কয়,"সৰ্থেবাৰী আৰু দাঁতি-কাষৰীয়া অঞ্চলত বহুতো আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰী আছে যিয়ে ব্যক্তিগত ভাৱে টিউচ্যন ল'ব নোৱাৰে । ক'ভিড আৰু বানপানীৰ পিছত সকলোৰে অৱস্থা যথেষ্ট দুখজনক হৈ পৰিছে । আশা কৰিছোঁ আমাৰ এই পদক্ষেপে সকলো অভিভাৱকক যথেষ্ট সকাহ প্ৰদান কৰিব ।"
Comments