গুৱাহাটী, ১২ জুলাইঃ অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাটো এক ডাঙৰ সফলতা, যিটো কেইবা শতাধিক শিক্ষাৰ্থীৰ ভিতৰত মাথো কেইগৰাকীমান শিক্ষাৰ্থীয়েহে পাবলৈ সক্ষম হয়। ইউ পি এছ চি পৰীক্ষাত সকলো প্ৰাৰ্থীৰ নিজা ৰণনীতি থাকে আৰু খুব কম সংখ্যক শিক্ষাৰ্থী আছে যাৰ ৰণনীতি প্ৰথম প্ৰচেষ্টাতে কাৰ্যকৰী হিচাপে প্ৰমাণিত হয়। ইয়াৰে ভিতৰত এগৰাকী বিশেষ ব্যক্তি হৈছে আই এ এছ বিষয়া সুৰভি গৌতম। তেওঁ নিজৰ সামৰ্থ্য অনুসৰি পথ প্ৰদৰ্শন কৰি আৰু প্ৰথম প্ৰচেষ্টাতে আই এ এছ বিষয়া হৈ হাজাৰ হাজাৰ প্ৰত্যাশীৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছিল।
মধ্য প্ৰদেশৰ এখন সৰু গাৱঁৰ বাসিন্দা সুৰভি গৌতম সৰুৰে পৰা প্ৰতিভাশালী আছিল। স্কুলৰ আৰম্ভণিৰ দিনৰ পৰাই, সুৰভিয়ে শ্ৰেণীৰ শীৰ্ষস্থান প্ৰাপ্ত কৰি আহিছিল। তেওঁৰ দশম আৰু দ্বাদশ ব'ৰ্ডৰ পৰীক্ষাত টিউচন আৰু আনৰ সহায় অবিহনে ৯০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিছিল। তেওঁৰ দেউতাক অসামৰিক আদালতৰ এজন উকীল আছিল আৰু তেওঁৰ মাক এগৰাকী শিক্ষয়িত্ৰী আছিল।
স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত, সুৰভিয়ে ৰাজ্যিক অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষা দিছিল আৰু পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তেওঁ গাঁৱৰ প্ৰথমগৰাকী ছোৱালী আছিল যি উচ্চ শিক্ষাৰ বাবে চহৰলৈ গৈছিল। তেওঁ ভূপালৰ পৰা ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্বনত অভিযান্ত্ৰিক শিক্ষা সম্পূৰ্ণ কৰে, য'ত তেওঁ বিশ্ববিদ্যালয়ত শীৰ্ষস্থান দখল কৰে আৰু তেওঁৰ প্ৰদৰ্শনৰ বাবে সোণৰ পদক লাভ কৰে।
বিশ্ববিদ্যালয়ৰ শীৰ্ষ স্থান প্ৰাপ্ত আৰু স্বৰ্ণ পদক বিজয়ী সুৰভি গৌতমে ইউ পি এছ চি অসামৰিক সেৱাত অৱতীৰ্ণ হোৱাৰ আগতে কেইবাটাও পৰীক্ষাত উত্তীৰ্ণ হৈছিল। সুৰভি গৌতমে এবছৰৰ বাবে বি এ আৰ চিত পাৰমাণৱিক বিজ্ঞানী হিচাপে কাম কৰিছিল। তেওঁ গেট, ইছৰো, চেইল, এম পি পি এছ চি পি চি এছ, এছ এছ চি চি জি এল, দিল্লী আৰক্ষী আৰু এফ চি আইৰ দৰে পৰীক্ষাত উত্তীৰ্ণ হৈছিল। কেৱল এয়াই নহয়, সুৰভিয়ে ২০১৩ চনত অনুষ্ঠিত আই ই এছ পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত ১ নং স্থান লাভ কৰিছিল।
অৱশ্যে, গোটেই জীৱনটো ভাল নম্বৰ পোৱাৰ পিচতো তেওঁ কিন্তু কলেজত ভালদৰে ইংৰাজী ক'ব পৰা নাছিল, যাৰ বাবে তেওঁক বহুতে সমলোচনা কৰাৰ লগতে ঠাট্টা-মস্কৰা কৰিছিল। ইংৰাজী ভালদৰে ক'ব নজনা বাবে তেওঁক প্ৰায়ে শ্ৰেণীত উপহাস কৰা হৈছিল। তথাপিও কিন্তু তেওঁ আশা এৰি নিদিলে আৰু তেওঁৰ সফলতাৰে উচিত প্ৰত্যুত্তৰ দিছিল।
Comments