গুৱাহাটী,১২ জুলাই:৭,০০০ তকৈও অধিক অমৰনাথ তীৰ্থযাত্ৰীৰ এটা দলে মঙলবাৰে পুৱাৰভাগত কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে জম্মু চহৰৰ ভাগৱতী নগৰ শিবিৰৰ পৰা ৰাওনা হয় অমৰনাথ যাত্ৰালৈ । ৭,১০৭ গৰাকী তীৰ্থযাত্ৰীক লৈ গঠিত ১৩ সংখ্যক দলটোৱে কাশ্মীৰ উপত্যকাৰ পহেলগাম আৰু বালতালৰ দ্বৈত আধাৰ শিবিৰৰ পৰা দুখনকৈ পৃথক কনভয়ৰে ২৬৫ খন বাহনত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে লৈ যোৱা হয় যাত্ৰীসকলক ।
দায়িত্বত থকা বিষয়াসকলে জনাই যে পুৱা প্ৰায় ৩.৪০ বজাত ১,৯৪৯ গৰাকী ভক্তই ৯৮ খন বাহনত বালতাললৈ ৰাওনা হোৱাৰ বিপৰীতে, ৫,১৫৮ গৰাকী তীৰ্থযাত্ৰীয়ে পুৱা প্ৰায় ৪.৩০ বজাত নুনৱান-পহেলগাম শিবিৰৰ পৰা ১৭৫ খন বাহনত ৰাওনা হয় । জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই তীৰ্থযাত্ৰীসকলৰ প্ৰথম দলটোক ফ্লেগ অফ কৰাৰ পাছৰ পৰা বৰ্তমানলৈ ৭৬,৬৬২ গৰাকী তীৰ্থযাত্ৰীয়ে ২৯ জুনৰ পৰা ভগৱতী নগৰৰ শিবিৰ এৰি অমৰনাথলৈ ৰাওনা হয় ।
দক্ষিণ কাশ্মীৰ হিমালয়ৰ ৩,৮৮০ মিটাৰ ওখ গুহা মন্দিৰভাগলৈ ৪৩ দিন ধৰি চলি থকা তীৰ্থযাত্ৰা বিগত ৩০ জুনত দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ পৰম্পৰাগত ৪৮ কিলোমিটাৰ নুনৱান-পহেলগাম পথ আৰু মধ্য কাশ্মীৰৰ গান্দেৰবাল জিলাৰ ১৪ কিলোমিটাৰ দুৰত্বৰ বালতালৰ পৰা আৰম্ভ হৈছিল । এতিয়ালৈকে ১.২০ লাখতকৈও অধিক তীৰ্থযাত্ৰীয়ে অমৰনাথ গুহা পৰিদৰ্শন কৰিছে । ৰক্ষা বন্ধনৰ সৈতে সংগতি ৰাখি 'শ্ৰৱণ পূৰ্ণিমা' উপলক্ষে এই তীৰ্থযাত্ৰা ১১ আগষ্টত সমাপ্ত হ'ব ।
Comments