গুৱাহাটী,১৭ জুলাই:প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰি ধ্বংসস্তুপত পৰিণত হৈছিল উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ ধুনীয়া ৰে’ল ডিমা হাচাও জিলাৰ ৰে’ল ষ্টেচন ৷ সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰিছিল লামডিং-বদৰপুৰ সংযোগী ব্ৰডগজ ৰে'ল পথচোৱা । যাৰ বাবে এই ৰে'লপথত অনিৰ্দিষ্ট কালৰ বাবে ৰে’ল চলাচল বন্ধ হৈ পৰিছল । কিন্তু এতিয়া ৰে’ল পথচোৱাৰ অৱস্থা কিছু সুচল হোৱাত পুনৰ আৰম্ভ হ’ব যাত্ৰীবাহী ৰে’লৰ পৰিসেৱা ৷ অহা ২২ জুলাই পৰা আৰম্ভ হ’ব লামডিং-বদৰপুৰ ব্ৰডগজ ৰে’লসেৱা ৷
২২ জুলাইত শিলচৰৰ পৰা গুৱাহাটীৰ অভিমুখী শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ যাত্ৰীবাহী ৰে’ল গাড়ীখনে যাত্ৰা কৰিব । ইয়াৰ উপৰি ২২ জুলাই ৰাতিপুৱা আগৰতলা পৰা শিয়ালদাহ অভিমুখী কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’ল গাড়ীখনে যাত্ৰা কৰিব বুলি উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই জাননী জাৰি কৰিছে । ইতিমধ্যেই মেৰামতি কৰি সুচল কৰি তোলা হৈছে লামডিং-বদৰপুৰ ব্ৰডগজ ৰে’লপথ ৷ লামডিং-বদৰপুৰ-আগৰতলা মাজতে মালবাহী ৰেল গাড়ীৰ পুনৰ চলাচল আৰম্ভ হৈছে ।
বিগত ১৪ মে’ত ডিমা হাছাও জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলতে লামডিং-বদৰপুৰ ব্ৰডগজ ৰেলপথৰ ৮৫ কিলোমিটাৰ জুৰি ৬১ টা স্থানত ভূমিস্খলন আৰু বানৰ তাণ্ডৱত ৰে’লপথ সম্পূৰ্ণভাৱে বিধস্ত হৈ পৰিছিল । কিন্তু উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই যুদ্ধকালীন তৎপৰতাৰে দুমাহৰ ভিতৰতে এই ৰে’লপথচোৱা মেৰামতি কৰি ১৩ জুলাইত সুচল কৰি তোলে । ইয়াৰ পিচতে এই ৰে’লপথত ৰে’ল পৰিসেৱা স্বাভাৱিক হৈ উঠিছে ৷
Comments