গুৱাহাটী, ১৬ জুলাইঃ কেৰালাৰ এজন জুৱেলাৰে ২৪,০০০ ৰো অধিক হীৰাৰ সৈতে কাঠফুলা-থিমযুক্ত আঙুঠি এটা ডিজাইন কৰাৰ বাবে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে।
গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে (জিডব্লিউআৰ) ঘোষণা কৰিছে যে কেৰালাস্থিত এছ ডব্লিউ এ ডায়মণ্ডছে এটা ৰিঙত সৰ্বাধিক সংখ্যক হীৰা ৰখাৰ 'জিলিকি থকা' অভিলেখ ভংগ কৰিছে। গিনিছে তেওঁলোকৰ ব্লগত কৈছিল যে এই অভিলেখটো ৫ মে'ত কেৰালাৰ কাৰাথোডত সম্পন্ন হৈছিল।
কাঠফুলা-থিমযুক্ত আঙুঠিটোৰ নাম 'অমি' ৰখা হৈছে। ইয়াত ২৪,৬৭৯ টা প্ৰাকৃতিক হীৰা আছে। এই সন্দৰ্ভত এছ ডব্লিউ এ ডায়মণ্ডছৰ মেনেজিং ডাইৰেক্টৰ আব্দুল গফুৰ আনাদিয়ানে কয় যে, "মই কাঠফুলাটোক শ্ৰদ্ধাঞ্জলি জনাইছে, যি অমৰত্ব আৰু দীৰ্ঘজীৱনক প্ৰতিনিধিত্ব কৰে। আঙুঠিটোৰ নাম 'অমি' ৰখা হৈছে, যিটো সংস্কৃতৰ পৰা আহৰণ কৰা হৈছে, যাৰ অৰ্থ হৈছে অমৰত্ব।"
ইপিনে, ৱৰ্ল্ড ৰেকৰ্ড কৰ্তৃপক্ষই কৈছিল যে, "ৰেকৰ্ড-ব্ৰেকিং ৰিংটো এছ.ডব্লিউ.এ. ডায়মণ্ডছে তেওঁলোকৰ ব্ৰেণ্ডৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰিবলৈ আৰু তেওঁলোকৰ কামৰ বাবে দৃশ্যমান কৰিবলৈ সৃষ্টি কৰিছিল।
এই ধুনীয়া আঙুঠিটো তৈয়াৰ কৰিবলৈ জুৱেলাৰী নিৰ্মাতাক তিনি মাহ সময় লাগিছিল। পূৰ্বৱৰ্তী অভিলেখটো মিৰাট-ভিত্তিক জুৱেলাৰ হৰ্ষিত বনচালৰ হাতত আছিল, যিয়ে ১২,৬২৮ টা হীৰাৰে এটা আঙুঠি তৈয়াৰ কৰিছিল।
গিনিছ বিষয়াসকলে হীৰাৰ সংহতি গণনা কৰিবলৈ এটা মাইক্ৰস্কোপ ব্যৱহাৰ কৰিছিল আৰু ব্যৱহৃত হীৰাৰ স্পষ্টতা, কেৰেট, ওজন, কটা প্ৰকাৰ আৰু হীৰাৰ প্ৰকাৰ মূল্যাঙ্কন কৰাৰ পিছতহে ইয়াক নিশ্চিত কৰিছিল।
Comments