Cartoon
View Older
গুৱাহাটী,১৭ জুলাই:ভাৰতীয় বেডমিণ্টনৰ উজ্বল নক্ষত্ৰ পি ভি সিন্ধুৱে ছিংগাপুৰত দেখুৱালে নিজৰ পৰাক্ৰম । চীনৰ ৱাং ঝি য়িক পৰাস্ত কৰি সিন্ধুৱে দখল কৰিলে ছিংগাপুৰ অপেনৰ খিতাপ ।
সিন্ধুৱে ২১-৯, ১১-২১, ২১-১৫ ছেটত প্ৰতিদ্বন্দীক পৰাস্ত কৰি এই খিতাপ দখল কৰে। সিন্ধুৱে চেম্পিয়নশ্বিপ জয় কৰাৰ পিছত কয়,"বহু দিনৰ পিছত খিতাপ লাভ কৰি খুবেই আনন্দিত । আজি এই খিতাপ লাভ কৰাৰ অৰ্থ মোৰ বাবে বহুত কিয়নো ই মোক যথেষ্ট আত্মবিশ্বাস প্ৰদান কৰিছে আৰু নিশ্চিতভাৱে ই মোক আন এটা স্তৰলৈ লৈ যাব" ।
Comments