গুৱাহাটী,১৭ জুলাই : ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসম তথা নলবাৰী জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত বিগত ১৫ জুলাই তাৰিখে বিশেষ ডায়েৰীয়া নিয়ন্ত্রণ পষেক আৰু প্ৰাপ্তবয়স্ক লোকক বিনামূলীয়া ক'ভিড ভেকচিন প্ৰদানৰ বাবে ক'ভিড-১৯ ছিটাকৰণ অমৃত মহোৎসৱ কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠান সম্পন্ন হয়। বিহামপুৰস্থিত শ্ৰী শ্ৰী বাৰোৱাৰী দুৰ্গা মন্দিৰ প্ৰাঙ্গণত উক্ত অনুষ্ঠানত জিলা উপায়ুক্ত গীতিমণি ফুকন, অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) ফিৰদৌচ আলম শ্বেইখ, পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰ্পণা শৰ্মা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: উমেশ ফাংচু, অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া(পৰিয়াল পৰিকল্পনা) ডা: নলিনীকান্ত বৰ্মন, মহকুমা চিকিৎসা আৰু সেৱা বিষয়া সমন্বিতে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে । পাঁচ বছৰৰ তলৰ শিশুক ডায়েৰীয়াৰ পৰা মুক্ত কৰি তোলাৰ লক্ষ্য আগত ৰাখি বিশেষ ডায়েৰীয়া নিয়ন্ত্রণ পষেকৰ আয়োজন কৰা হৈছে । অনুষ্ঠানত উপস্থিত থাকি জিলা উপায়ুক্ত গীতিমণি ফুকনে কয় যে এজন শিশুক আমি স্বাস্থ্য সম্পন্ন তথা সুৰক্ষিত ভৱিষ্যত প্ৰদানৰ বাবে কৰা চেষ্টা সদায় অমূল্য আৰু অতুলনীয় ।
ক'ভিড ভেকচিন সৰ্ম্পকত তেওঁ কয় যে সজাগতাৰ জৰিয়তে আমি জনগণক সুৰক্ষিত কৰিবলৈ চেষ্টা কৰাৰ লগতে ভেকচিনৰ গুৰুত্ব সকলোৱে উপলব্ধি কৰিব লাগিব । ক'ভিড ভেকচিন প্ৰদান সুনিশ্চিত কৰাৰ ক্ষেত্ৰত আশাৰ ভূমিকা সৰ্ম্পকে অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) ফিৰদৌচ আলম শ্বেইখে উল্লেখ কৰে । ডায়েৰিয়া নিৰ্মূল কৰিব নোৱাৰিলে আমি শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাটো সম্ভৱ নহয় । ১৫-২৯ জুলাইলৈকে চলিবলগা এই বিশেষ ডায়েৰীয়া নিয়ন্ত্রণ পষেকে ডায়েৰিয়াৰ ওপৰত জনসচেতনতা বৃদ্ধিৰ লগতে অ'আৰএছ আৰু জিংক সকলো অঞ্চলতে সহজলভ্য হোৱাৰ ক্ষেত্ৰত সহায় কৰিব । সভাত উপস্থিত থকা অতিথিসকলক হস্তনিৰ্মিত বেগৰ লগতে এক বিশেষ উপহাৰ প্ৰদান কৰা হয় । তদুপৰি উপায়ুক্তই এগৰাকী শিশুক অ'আৰএছ খুৱাই বিশেষ ডায়েৰিয়া নিয়ন্ত্রণ পষেকৰ শুভাৰম্ভণি কৰে । লগতে এজন প্ৰাপ্তবয়স্ক ব্যক্তিক তৃতীয় পালি ভেকচিন প্ৰদানৰ জৰিয়তে ’ক'ভিড-১৯ টীকাকৰণ অমৃত মহোৎসৱ’ৰো শুভাৰম্ভণি হয় ।
Comments