Cartoon
View Older
গুৱাহাটী,১৫ জুলাই: গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ সোণ জব্দ কৰা হৈছে। ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰা ছে বৃহৎ পৰিমাণৰ সোণখিনি ৷ এক গোপন সূত্ৰৰ পম খেদি শুকুৰবাৰে ৰেল আৰক্ষীয়ে অভিযান চলাই ৰাজধানী এক্সপ্ৰেছৰ পৰা বৃহৎ পৰিমাণৰ সোণখিনি জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰী আটক কৰে।
ধৃত সৰবৰাহকাৰীজন বিশাল সুখাদেও বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি ধৃত সৰবৰাহকাৰীজনে নিমাটিঘাতৰ পৰা বাছেৰে গুৱাহাটীৰ পল্টন বজাৰলৈ আহিছিল । ইয়াৰ পৰা ৰে’লযোগে দিল্লীলৈ সোণখিনি লৈ যোৱাৰ পৰিকল্পনা কৰিছিল ।প্ৰায় ৮২২ গ্ৰাম ওজনৰ সোণখিনি স্কেল আকৃতিত লৈ বেল্টৰ তলত লুকুৱাই আনিছিল বুলি আৰক্ষীয়ে জানিব দিয়ে ৷ এই সোণখিনি ম্যানমাৰৰ পৰা সৰবৰাহ কৰি অনা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷
Comments