Cartoon
View Older
গুৱাহাটী,১৯ জুলাই:দুৰ্নীতি নিবাৰক শাখাই এটা অভিযোগ লাভ কৰিছিল যে মুছলপুৰস্থিত বাক্সা স্বাস্থ্য কেন্দ্ৰৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ত কৰ্মৰত প্ৰধান সহায়ক বিপিন কলিতাই পেঞ্চন ফাইল প্ৰক্ৰিয়াকৰণৰ বাবে আৰু লগতে অৱসৰপ্ৰাপ্ত এগৰাকী এনএম নাৰ্ছৰ পে' স্কেল নিয়মীয়া কৰাৰ বাবে ৫,০০০ টকা উৎকোচ হিচাপে দাবী কৰিছিল।
উৎকোচ দিবলৈ অনিচ্ছুক অভিযোগকাৰীয়ে কৰ্মচাৰীজনৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণৰ বাবে সঞ্চালকালয়ৰ কাষ চাপিছিল।সেই অনুসৰি আজি মুছলপুৰস্থিত বাক্সাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে বিপিন কলিতাক হাতে লোতে ধৰা পেলায়।কাৰ্যালয়ত তেওঁ দাবী কৰা ১০০০ টকাৰ উৎকোচ গ্ৰহণ কৰাৰ কিছু সময়ৰ পিছতে তেওঁক দলটোৱে আটক কৰে ।
Comments