গুৱাহাটী,১৯ জুলাই:আঠিয়া শ্বেট্টী আৰু ভাৰতীয় ক্ৰিকেটাৰ কে এল ৰাহুলৰ সম্পৰ্ক আৰু বিবাহৰ উৰাবাতৰি এতিয়া তীব্ৰ হৈ পৰিছে। প্ৰায় তিনি বছৰ ধৰি আঠিয়া-ৰাহুলৰ সম্পৰ্ক আছে। মুম্বাই নিউজ এজেন্সীৰ মতে, অহা তিনি মাহৰ ভিতৰত দম্পতীহালে বিবাহপাশত আবদ্ধ হ’ব। এই বিয়াখনকলৈ এতিয়া ব্যস্ত দুয়োটা পৰিয়াল । কেৱল সেয়াই নহয়, বিয়াৰ দিনা দুয়োটা পৰিয়ালে এক গ্ৰেণ্ড ইভেণ্টৰো পৰিকল্পনা কৰিছে।
কিন্তু এই জল্পনা-কল্পনাৰ ওপৰত আঠিয়াৰ পিতৃ সুনীল শ্বেট্টীয়ে পানী ঢালি দিলে। মুম্বাইত এক সাক্ষাৎকাৰত সুনিল শ্বেট্টীয়ে প্ৰথমবাৰৰ বাবে নিজৰ কন্যাৰ বিবাহৰ বিষয়ে মুকলিকৈ কয় যে, "নাই, এতিয়াও বিবাহৰ বিষয়ে একো সিদ্ধান্ত লোৱা হোৱা নাই।" সুনীলৰ আগতে আঠিয়াৰ ভাতৃ আহান শ্বেট্টীয়েও এই বিবাহৰ বিষয়ে, "সকলো কথা মিছা।আঠিয়া-ৰাহুলৰ বিবাহ সন্দৰ্ভত এতিয়ালৈকে কোনো কাম আগবঢ়া নাই।" বুলি কৈছিল৷ সূত্ৰ অনুসৰি, ৰাহুলৰ পৰিয়ালেও মুম্বাইত আঠিয়াৰ পৰিয়ালক সাক্ষাৎ কৰি পুত্ৰৰ বিবাহক লৈ আলোচনা কৰে।
Comments