গুৱাহাটী,২০ জুলাই:ইডিয়ে মঙলবাৰে গ্ৰেপ্তাৰ কৰে মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত সঞ্জয় পাণ্ডেক।দুসপ্তাহমান পূৰ্বে তেওঁক ইডিয়ে বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰত সোধা-পোছাৰ বাবে কাৰ্য্যালয়লৈ মাতিছিল। নেচনেল ষ্টক এক্সচেঞ্জ চমুকৈ এন এছ ইৰ এক কেলেংকাৰী গোচৰত দুদিন ধৰি সোধা-পোছাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। ইডিৰ সূত্ৰ অনুসৰি সঞ্জয়ৰ বিৰুদ্ধে এন এছ ইৰ একাংশ বিষয়াৰ ফোন অবৈধভাৱে চোৱাচিতা কৰাৰ প্ৰমাণ পোৱা গৈছে। চিবিআইয়ে সেই গোচৰ সন্দৰ্ভত এপ্ৰিল মাহত এনএছইৰ প্ৰাক্তন পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) চিত্ৰ ৰামকৃষ্ণ আৰু প্ৰাক্তন গ্ৰুপ অপাৰেটিং বিষয়া (জিঅ’অ’) আনন্দ সুব্ৰহ্মণ্যমৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে।
চিত্ৰ আৰু আনন্দৰ বিৰুদ্ধে উৎকোচ গ্ৰহণ কৰাৰ লগতে, আৰ্থিক বিসংগতিৰ জৰিয়তে বিশেষ সংস্থাসমূহক কো-লকেশ্যনৰ সুবিধা প্ৰদান কৰাৰ লগতে নিয়ম উলংঘা কৰি কৰ্মচাৰীক পদোন্নতি দিয়াৰ অভিযোগ উত্থাপন হৈছে। ৩০ জুনত অৱসৰ গ্ৰহণ কৰে সঞ্জয়ে। দুদিন পিছত ইডিয়ে তেওঁক চমন প্ৰেৰণ কৰে। কো-লকেশ্যনৰ অৰ্থ হ’ল এনে এটা ছেটআপ য’ত দালালৰ কম্পিউটাৰটো ষ্টক এক্সচেঞ্জৰ চাৰ্ভাৰৰ সৈতে একেটা অঞ্চলতে অৱস্থিত কৰা হয়।এই সুবিধাই চাৰ্ভাৰসমূহ সংস্থাপন আৰু তথ্য সংৰক্ষণৰ বাবে শক্তি যোগান, বেণ্ডউইডথ, আৰু শীতলকৰণৰ দৰে আন্তঃগাঁথনি প্ৰদান কৰে যিয়ে অৱশেষত মাৰ্কেট মেনিপুলেত কৰে ।
Comments