গুৱাহাটী,২০ জুলাই:ভাৰত-পাকিস্তান ক্ৰিকেট খেলখন কমনৱেলথ গেমছতো আকৰ্ষণৰ কেন্দ্ৰবিন্দু। মহিলা ক্ৰিকেট খেলখনক কেন্দ্ৰ কৰি ইংলেণ্ডত ব্যাপক উত্তেজনা সৃষ্টি হৈছে। এই পৰ্যন্ত বাৰ্মিংহাম গেমছৰ বাবে ১২ লাখ টিকট বিক্ৰী হৈছে। ইয়াত প্ৰায় সকলো ভাৰত-পাকিস্তানৰ মেচৰ টিকট অন্তৰ্ভুক্ত কৰা হৈছে।
কমনৱেলথ গেমছত এইবাৰ প্ৰথমবাৰৰ বাবে ক্ৰিকেট খেলা হৈছে। কিন্তু তাত কেৱল থাকিব মহিলা ক্ৰিকেট। ৩১ জুলাইত হৰমনপ্ৰীত কৌৰ, স্মৃতি মান্ধানাৰ মুখামুখি হ’ব বিস্মা মাহৰুফৰ। সেই মেচখনক কেন্দ্ৰ কৰি দুয়োখন দেশৰ ক্ৰিকেটপ্ৰেমীৰ উৎসাহ উচ্চ আছিল। ভাৰত-পাকিস্তানৰ খেলখনৰ প্ৰায় সকলো টিকট বিক্ৰী হৈছে।
বাৰ্মিংহাম গেমছৰ চিইঅ’ ইয়ান ৰিডে কয়, ‘তিনি-চাৰিখন ক্ৰিকেট মেচ প্ৰায় সকলো বিক্ৰী হৈ গৈছে। ভাৰত-পাক খেলৰ ছেমি ফাইনেল আৰু ফাইনেলৰ বাহিৰে সকলো টিকট বিক্ৰী হৈছে। মই নিজেই ক্ৰিকেটৰ ডাঙৰ অনুৰাগী। ভাৰত আৰু পাকিস্তান একেটা গ্ৰুপত থকাৰ বাবে আগ্ৰহ বেছি বৃদ্ধি পাইছে । আনকি বিক্ৰী নোহোৱা কেইটামান টিকটও কেইদিনমানৰ ভিতৰতে বিক্ৰী হ’ব।''
ভাৰত-ইংলেণ্ডৰ খেলখনৰ টিকটৰ চাহিদাও যথেষ্ট ভাল বুলি উদ্যোক্তাসকলে জনায়। কমনৱেলথ গেমছৰ দৰে অনুষ্ঠানত ক্ৰিকেটৰ টিকটৰ এনে চাহিদা থাকিব বুলি আয়োজকসকলে কাৰ্যতঃ বিশ্বাস কৰিব পৰা নাছিল। এইবাৰ ৭২খন দেশৰ ৫০০০ৰো অধিক প্ৰতিযোগীয়ে এই খেলসমূহত অংশগ্ৰহণ কৰিব। লণ্ডন অলিম্পিকৰ পিছত ইংলেণ্ডত এয়া প্ৰথম এনে বৃহৎ ক্ৰীড়া অনুষ্ঠান।
Comments