গুৱাহাটী,১৮ জুলাই:সোমবাৰে পুৱা সংসদ ভৱনৰ চৌহদত থিয় হৈ দেশৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ উদ্দেশ্যে ভোটদান কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এন ডি এৰ প্ৰাৰ্থী তথা ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মু আৰু বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী জ্যেষ্ঠ ৰাজনীতিবিদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিনহাৰ মাজত হোৱা এই ভোটযুদ্ধক লৈ তেওঁ কয়,"অতি সোনকালে দেশৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত হ'ব । এয়া এক অতি গুৰুত্বপূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়া ।"
ইফালে উত্তৰ প্ৰদেশত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৰিলে ভোটদান । তামিলনাডু বিধানসভাত ডি এম কেৰ মুৰব্বী এম কে ষ্টেলিনৰো ভোটদান। মন কৰিবলগীয়া যে বিধায়কৰ ভোটৰ মূল্যত উত্তৰ প্ৰদেশৰ সৰ্বাধিক । এই ৰাজ্যত প্ৰতিজন বিধায়কৰ ভোটৰ মূল্য ২০৮। ভোট মূল্যৰ হিচাপত তামিলনাডু দ্বিতীয় স্থানত আছে। এই ৰাজ্যৰ বিধায়কৰ ভোটৰ মূল্য ১৭৬।
Comments