Cartoon
View Older
গুৱাহাটী,১৮ জুলাই:সোমবাৰে জম্মু-কাশ্মীৰৰ পুঁচ জিলাত নিয়ন্ত্ৰণ ৰেখাৰ কাষত আকস্মিক ভাৱে গ্ৰেনেড বিস্ফোৰণত এজন সেনাৰ অধিনায়ক আৰু এজন কনিষ্ঠ কমিছনৰত বিষয়া নিহত হয়।
সেনাৰ এজন পি আৰ অ’ই জনোৱা মতে, দেওবাৰে নিশা পুঞ্চৰ মেন্ধৰ ছেক্টৰত এই ঘটনা সংঘটিত হোৱাৰ সময়ত সেনাৰ জোৱান কেইজন তাত কৰ্তব্যৰত হৈ আছিল।
সেনাৰ কেপ্তেইন আৰু নাইব-ছুবেদাৰ (জেচিঅ’)ক ততাতৈয়াকৈ হেলিকপ্টাৰেৰে চিকিৎসাৰ বাবে উধামপুৰলৈ লৈ যোৱা হয় বুলিও তেওঁ জানিবলৈ দিয়ে। অৱশেষত চিকিৎসাৰ সময়তেই মৃত্যুক সাৱটি লয় দুয়োজন সেনাৰ বিষয়াই।
Comments