গুৱাহাটী,১৮ জুলাই:এদিনীয়া ক্ৰিকেটৰ পৰা হঠাতে অৱসৰ ল’লে বেন ষ্ট’কছে। সোমবাৰে এটা ইনষ্টাগ্ৰাম পোষ্টত ইংলেণ্ডৰ বিশ্বকাপ বিজয়ী নায়কগৰাকীয়ে প্ৰকাশ কৰিছে যে মঙলবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হ’বলগীয়া খেলখনেই হ’ব তেওঁৰ শেষৰখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল। ২০১৯ চনৰ ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত বিস্ফোৰক ইনিংছ খেলা ষ্ট’কছৰ হঠাৎ অৱসৰত সমগ্ৰ বিশ্বই স্তম্ভিত হৈ পৰিছে।
ষ্ট’কছে লিখিছিল,"মঙলবাৰে ডাৰহামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শেষৰখন এদিনীয়া মেচ খেলিম। ইয়াৰ পিছত মই এই ফৰ্মেটৰ পৰা অৱসৰ লম। অতি কঠিন সিদ্ধান্ত। কিন্তু ইংলেণ্ডৰ সতীৰ্থসকলৰ সৈতে কটোৱা প্ৰতিটো মুহূৰ্ত মনত থাকিব। এই কেইদিনমান এটা সুন্দৰ অভিজ্ঞতাৰ সাক্ষী হ’লোঁ৷ যদিও সিদ্ধান্ত লোৱাটো কঠিন, তথাপিও মই মোৰ সতীৰ্থসকলক জনাই দিব বিচাৰিছো যে মই হয়তো বহুদিনৰ পৰা এই ফৰ্মেটত ১০০ শতাংশ দিব পৰা নাছিলো। ইংলেণ্ডৰ জাৰ্চি পিন্ধি বেয়াকৈ খেলাৰ অধিকাৰ কাৰো নাই।"
Comments