Cartoon
View Older
গুৱাহাটী,২১ জুলাই:ফৰ্বছৰ ৰিয়েল টাইম বিলিয়নাৰ্ছ লিষ্টত প্ৰকাশ পাইছে গৌতম আদানীৰ নাম । ভাৰতীয় ব্যৱসায়ী গৰাকীয়ে মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপক বিল গেটছক চেৰ পেলাই বিশ্বৰ চতুৰ্থজন ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে ।
৬০ বছৰীয়া ব্যৱসায়িক টাইকুনগৰাকীৰ সম্পত্তি বৃহস্পতিবাৰে ১১৫.৫ বিলিয়ন ডলাৰত উপনীত হৈ গেটছক চেৰ পেলাই যাৰ সম্পত্তিৰ পৰিমাণ হৈছে ১০৪.৬ বিলিয়ন ডলাৰ।৯০ বিলিয়ন ডলাৰত সতীৰ্থ মুকেশ আম্বানীয়ে এই তালিকাত দশম স্থানত আছে।
Comments