গুৱাহাটী,২১ জুলাই:অসহ্যকৰ পেটৰ বিষৰ বাবে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক নতুন দিল্লীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। মঙলবাৰে নিশা তেওঁক নতুন দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
দেওবাৰে এটা জলাশয়ৰ পৰা ‘দূষিত’ পানী সেৱন কৰাৰ দুদিনমান পিছতে ভগৱন্ত মানৰ পেটৰ বিষ আৰম্ভ হয়। মঙলবাৰে নিশা তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশ্যে পঞ্জাৱ প্ৰশাসনে মুখ্যমন্ত্ৰীগৰাকীক চিকিৎসালয়ত থকাৰ কথা অস্বীকাৰ কৰিছে। ইয়াৰ বিপৰীতে মুখ্যমন্ত্রী সুস্থ বুলি দাবী কৰে প্রশাসনৰ বিষয়াসকলে৷
কালি বেন নামৰ এটা জলাশয়ৰ সংস্কাৰৰ ২২ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে দেওবাৰে কাপুৰথালাৰ চুলতানপুৰ লধি চহৰ পৰিদৰ্শন কৰে মানে। তাত এক কাৰ্যসূচীৰ সময়ত তেওঁ সেই জলাশয়টোৰ পৰা এগিলাচ পানী খাইছিল। পঞ্জাৱত এই জলভাগক পবিত্ৰ বুলি জনা যায়। সূত্ৰই দাবী কৰিছে যে ইয়াৰ পিছত মঙলবাৰৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে পেটৰ বিষত ভুগিবলৈ আৰম্ভ কৰে। প্ৰাপ্ত তথ্য অনুসৰি, মানক চণ্ডীগড়স্থিত মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা নতুন দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ বিমানযোগে নিশাৰ ভাগত অনা হয়।
Comments