Cartoon
View Older
গুৱাহাটী,২২ জুলাই:অলিম্পিকত জেভলিন থ্ৰ'ত ব্যক্তিগত শাখাত দেশলৈ গৌৰৱ কঢ়িয়াই অনা নীৰজ চোপ্ৰাই এইবাৰ যোগ্যতা আৰ্জিলে বিশ্ব চেম্পিয়নশ্বিপলৈ ৷ টকিঅ' অলিম্পিকত স্বৰ্ণ পদক অৰ্জন কৰিছিল ২৪ বৰ্ষীয় যুৱ খেলুৱৈ নীৰজ চোপ্ৰাই ৷ দীৰ্ঘ বিৰতিৰ অন্তত পুনৰ খেলপথাৰলৈ উভতি আহিছে যুৱ খেলুৱৈগৰাকী ৷
বৃহস্পতিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হেৱাৰ্ড খেলপথাৰত অনুষ্ঠিত খেলখনত ২৪ বৰ্ষীয় যুৱ খেলুৱৈগৰাকীৰ জেভলিনৰ দূৰত্ব আছিল ৮৮.৩৯ মিটাৰ ৷ নীৰজে গ্ৰেনাডা চেম্পিয়ন এণ্ডাৰছন পিটাৰক পৰাজিত কৰি ফাইনেলত প্ৰৱেশৰ যোগ্যতা আৰ্জে ৷ উল্লেখ্য যে ২০১৮ বৰ্ষত দহাত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত শাৰিৰীক অসুস্থতাৰ হেতু নীৰজে অংশগ্ৰহণ কৰিব পৰা নাছিল ৷ মেডেল ৰাউণ্ড অনুষ্ঠিত হ’ব ৰবিবাৰে ।
Comments