Cartoon
View Older
গুৱাহাটী,২০ জুলাই:শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ল ৰণীল ৱিক্ৰেমসিংহে। বৰ্তমান শ্ৰীলংকাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল উইক্ৰেমেসিংহেই।
আজি বুধবাৰে শ্ৰীলংকাৰ সংসদত নতুন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে সকলো সংসদ সদস্য উপস্থিত আছিল। সংসদতো উপস্থিত আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাকছে। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে শ্ৰীলংকাৰ সংসদৰ বাহিৰত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছিল । এছ এল পি পিয়ে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছিল ৱিক্ৰেমেসিংহেক।
Comments