Cartoon
View Older
গুৱাহাটী,২০ জুলাই:কৰ’নাৰ বাবে স্থগিত ৰখা হৈছিল এইবাৰৰ এছিয়ান গেমছ। অহা বছৰ পুনৰ অনুষ্ঠিত হ’ব এছিয়ান গেমছ। মঙলবাৰে অলিম্পিক কাউন্সিল অৱ এছিয়াই ঘোষণা কৰে।
চলিত বৰ্ষৰ ১০ ছেপ্টেম্বৰৰ পৰা চীনৰ হংঝৌ আৰম্ভ হোৱাৰ কথা আছিল ১৯ সংখ্যক এছিয়ান গেমছ। কিন্তু ৬ মে’ত ঘোষণা কৰা হৈছিল যে এইবাৰ এছিয়ান গেমছ পিছুৱাই দিয়া হৈছে। চীনত কৰ’না ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। ২০২৩ চনৰ ২৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এছিয়ান গেমছ। ৮ অক্টোবৰলৈকে চলিব এই প্ৰতিযোগিতা ।
এছিয়ান গেমছত প্ৰায় ১০ হাজাৰ প্ৰতিযোগীয়ে খেলাৰ সম্ভাৱনা আছে। হংঝৌ অলিম্পিক কমিটিয়ে কয় যে এছিয়ান গেমছক সফল কৰি তোলাৰ বাবে তেওঁলোকে সকলো প্ৰচেষ্টা চলাব।
Comments