গুৱাহাটী, ২১ জুলাইঃ বেছিভাগ লোকে মাছৰ বিষয়ে জানে, কিন্তু কিছুমান মাছৰ তথ্য প্ৰ'টিন, অমেগা-৩, ফেটি এচিড, ভিটামিন ডি আৰু ভিটামিন বি২ (ৰাইবোফ্লেভিন) আদিত সীমাবদ্ধ থাকে। সকলোৱে কয় যে মাছ স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ। ই যথেষ্ট উপকাৰী, কিন্তু মাছ খাদ্য হোৱাৰ উপৰি ইয়াৰ আন কিছু বিশেষত্ব শেহতীয়াকৈ এক গৱেষণাত প্ৰকাশ পাইছে।
ফ্ৰণ্টিয়াৰ্ছ ইন নিউৰো এনাটমী আলোচনীত প্ৰকাশিত এক গৱেষণা অধ্যয়নত কোৱা হৈছে যে, মাছৰ গণনা কৰাৰ এক বিশেষ অনুভূতি আছে। অৰ্থাৎ, মাছে গণনা কৰিব পাৰে। প্ৰায় ২০০ টা ঘটনা পৰ্যালোচনা কৰি প্ৰস্তুত কৰা এই অধ্যয়নত, এইটো কোৱা হৈছে যে মাছবোৰ কিবা এটাৰ পৰিমাণ বা সংখ্যা সঠিকভাৱে বুজাত সক্ষম।
গৱেষকসকলে লগতে কৈছিল যে, "আমি গৱেষণাত পাইছিলো যে সাধাৰণতে, মাছৰ মৌলিক গণিতৰ বিষয়ে বুজাবুজি আছে। যদিও সিঁহতৰ মানুহৰ দৰে নিপুণতা নাই, কিন্তু মাছবোৰৰ মৌলিক জ্ঞান আছে।
কিয়নো, মাছবোৰে পানীত থকা শিল দুটালৈ চায় আৰু লুকাই থকা ঠাইবোৰ ক'ত আছে বিচাৰি উলিয়ায়৷ লগতে সিহঁতে বিচাৰি উলিয়াব পাৰে যে সিঁহতৰ কিমান সঙ্গীয়ে ওচৰত সাঁতুৰি আছে।"
এই গৱেষণাৰ সহ-লেখক অধ্যাপক জৰ্জিঅ ভেলোৰ্টিগাৰাই কৈছিল যে, "জেব্ৰাফিছৰ বহুতো প্ৰজাতি এই ক্ষেত্ৰত যথেষ্ট ভাল। এই প্ৰজাতিৰ মাছবোৰে আনকি জানে যে পানীত সাঁতুৰি থাকোঁতে, সিহঁতৰ গোটত সঙ্গীৰ সংখ্যা কম হয় নে অধিক হয়। এই গৱেষণাই মানুহৰ গণিতৰ দক্ষতা হ্ৰাস কৰা স্নায়ুবিকাশজনিত ৰোগৰ বিষয়ে অধিক তথ্য প্ৰদান কৰিব পাৰে।
এই গৱেষণাত এইটোও কোৱা হৈছে যে মাছৰ উপৰিও মৌ-মাখিয়েও গণিত বুজি পায়। মৌ-মাখিৰ বুদ্ধিমত্তাৰ স্তৰও উচ্চ। ইয়াৰ বাহিৰেও, ভালুক, কুকুৰা আৰু চিম্পাঞ্জিয়েও গণনা কৰিব পাৰে।
Comments