গুৱাহাটী,২৫ জুলাই : বিগত সময়ছোৱাত ৰাজ্য চৰকাৰে ক্রমাগতভাবে আদিবাসীবিৰোধী সিদ্ধান্ত লৈ ৰাজ্যৰ লাখ লাখ আদিবাসী লোকক ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰসমূহৰ পৰা বিচ্ছিন্ন কৰি পৰিচয়বিহীন শৰণাৰ্থীলৈ ৰূপান্তৰিত কৰাৰ প্ৰক্ৰিয়া তৰান্বিত কৰি তোলা পৰিলক্ষিত হৈছে ।
দুমাহমানৰ পূৰ্বে বৰাকৰ ভুলু বাগিচা চৰকাৰখনে গ্রীনফিল্ড এয়ারপার্ট নিৰ্মাণৰ বাবে পুঁজিপতি বণিয়াক গতোৱা পিছত পুনৰ চৰকাৰখনে নিজৰ অধীনত থকা অসম চাহ নিগমৰ ১২ খনকৈ চাহ বাগিচা ব্যক্তিগত খণ্ডক গতাই দি হাজাৰ হাজাৰ শ্রমিকৰ ভবিষ্যৎ অন্ধকাৰত ঠেলি দিব বিচৰা কাৰ্যক সদৌ অসম আদিবাসী ছাত্র সন্থা (আছা)ই তীব্র নিন্দা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। চৰকাৰী আৰু প্ৰশাসনিক সকলো ক্ষমতা থকা সত্ত্বেও ১২-১৫ খন বাগিচা চলাব নোৱাৰা মন্ত্ৰী-আমোলাই যে ৰাজ্য চলাব নোৱাৰে, সেয়া দেখ দেখ প্রমাণিত হৈছে।
কৰ'নাৰ লকডাউনৰ পাছত আর্থিক ৰূপে ভাঙি পৰা চাহ শ্রমিকক সকাহ দিয়াৰ সলনি বাগিচা লীজত দিব বিচৰা সিদ্ধান্ত প্রত্যাহার কৰিবলৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছে। বহু চাহ বাগিচাৰ শ্ৰমিকসকলে বর্তমানে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হ'ব লগা হৈছে যদিও শ্রমমন্ত্রী সঞ্জয় কিছান আৰু তেওঁৰ চৰকাৰখনে বাগিচা বণিয়া গোষ্ঠীৰ হকে মাত মাতিব বা সিদ্ধান্ত গ্রহণ কৰিব নোৱাৰাটো আছাই বিকাৰ জনাইছে। বাগিচা লীজত দিয়া সিদ্ধান্ত শীঘ্ৰে প্ৰত্যাহাৰ নকৰিলে ইয়াৰ প্ৰতিবাদত তীব্র গণতান্ত্রিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলি সকীয়নি প্ৰদান কৰিছে।
Comments