গুৱাহাটী, ২৫ জুলাই : আজি অসম যুৱ অলিম্পিকৰ তৃতীয় দিনাৰ বিভিন্ন শাখাৰ খেলসমূহ সম্পন্ন হয়। য'ত তৃতীয় দিনটোতো খেলুৱৈসকলৰ দুৰন্ত প্ৰদৰ্শন অব্যাহত থাকে। বিশেষকৈ জিমনাষ্টিক, বাস্কেট বল, কাবাদী, টাইকোৱাণ্ডো, কাৰাটে, হকী আৰু টেনিছত আকৰ্ষণীয় ক্রীড়াৰ প্ৰদৰ্শন পৰিলক্ষিত হয়। তৃতীয় দিনৰ খেলৰ পৰিসমাপ্তি অন্তত গুৱাহাটীয়ে বিভিন্ন শাখাত ১৩ টা স্বর্ণ, ১২ টা ৰূপ আৰু ১৮ টা ব্ৰঞ্জ পদক লাভেৰে শীৰ্ষ স্থানত অধিষ্ঠিত আছে।
আনহাতে, ১১ টা সোণ, ৪ টা ৰূপ আৰু ১২ টা ব্ৰঞ্জ পদকেৰে তালিকাৰ দ্বিতীয় স্থানত আছে কামৰূপ। সমান্তৰালভাৱে ৬ টা সোণ, ৭ টা ৰূপ আৰু ৩ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ১৬ টা পদকেৰে তৃতীয় স্থান অক্ষুণ্ণ ৰাখিছে যোৰহাটে। প্ৰতিযোগিতাখনৰ আকৰ্ষণীয় ইভেন্ট জিমনাষ্টিকৰ (হৰাইজ’ণ্টেলবাৰ) পুৰুষৰ শাখাত কামৰূপৰ জয়জিত বণিকে প্রথম আৰু পীয়ুস আগৰৱালে তৃতীয় স্থান দখল কৰে। আনহাতে, গুৱাহাটী জিয়াদ আহমেদে ৰূপৰ পদক অৰ্জন কৰে। ইফালে ছোৱালী (আন ইভেন বাৰ) এই ইভেন্ট কাৰ্ষিক আগৰৱালে সোণ, কামৰূপৰ অন্বেষা গোস্বামীয়ে ৰূপ আৰু অদিতি টুডিয়ে ব্ৰঞ্জৰ পদক লাভ কৰে। ইফালে জিমনাষ্টিকৰে পমেল ঘোঁৰা শাখাত কামৰূপৰ কৌশিক ডেকাই স্বর্ণ, পীয়ুষ আগৰৱালাই ৰূপ আৰু গুৱাহাটীৰ জিয়াদ আহমেদে ব্রঞ্জ জয় কৰে। আনহাতে, ৰিং ইভেন্টত শিৱসাগৰৰ কৃষ্ণ সাহাই প্রথম স্থান, কৌশিক ডেকাই দ্বিতীয়, জিয়াদ আহমেদ আৰু কৃষ্ণ ডেকাই তৃতীয় স্থান অধিকাৰ কৰে। মহিলাৰ আৰ্টিষ্টিক জিমনাষ্টিকছ ভল্টিং টেবুল ইভেণ্টত কামৰূপৰ অন্বেষা গোস্বামীয়ে স্বৰ্ণ, গুৱাহাটীৰ আত্ৰিকা বৰুৱাই ৰূপ, কাৰ্শিক আৰু নাজবিন পাৰবিনে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইফালে নেট বলত ডিব্ৰুগডে গোলাঘাটক পৰাভূত কৰি স্বৰ্ণ জয় কৰে। ছোৱালীৰ খো খো প্রতিযোগিতাত তামোল পুৰে স্বর্ণ জয় কৰে। অন্যহাতে যোগাসনত ল'ৰাৰ শাখাত বজালীৰ সন্দীপ শৰ্মাই আৰু ছোৱালী শাখাত নগাঁৱৰ উদিতাৰাণী বৰাই স্বর্ণ জয় কৰে। একেদৰে বাস্কেটবলত গুৱাহাটীয়ে স্বর্ণ পদক আঁজুৰি আনে। ইফালে কাবাদীত ল'ৰাৰ শাখাত কামৰূপ আৰু ছোৱালী শাখাত বাক্সা চেম্পিয়ন হয়।
Comments