গুৱাহাটী,২৫ জুলাই : কালিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে দেৰগাঁৱৰ নৰেন শৰ্মা স্মৃতি পথাৰত অনুষ্ঠিত হোৱা দ্বিতীয় বাৰ্ষিক ৰাজ্যিক ভিত্তিত আশিহাৰা কাৰাটে চেম্পিয়নশ্বিপৰ আজি সমাপ্ত হয়। দেৰগাঁৱৰ আশিহাৰা কাৰাটে বিদ্যালয়ৰ উদ্যোগত আৰু দেৰগঞা ৰাইজৰ সহযোগত অনুষ্ঠিত এই প্রতিযোগিতাত ৰাজ্যৰ মুঠ আঠখন জিলাৰ সাত শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। ২৩ জুলাইৰ পুৱাৰ ভাগৰ পৰা আৰম্ভ হোৱা প্রতিযোগিতাত আজি সন্ধ্যা পর্যন্ত দুটাকৈ স্থানত বহু সংখ্যক ৰোমাঞ্চকৰ খেল অনুষ্ঠিত হয়। উল্লেখ্য যে ৰাজ্যিক চেম্পিয়নশ্বিপখনত শিৱসাগৰ কালুগাঁৱৰ দলটোৱে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰাৰ বিপৰীতে নাজিৰাৰ দলটোৱে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।
এই প্ৰতিযোগিতাত ল'ৰাৰ শাখাত যোৰহাটৰ উৎপলজ্যোতি দাস আৰু ছোৱালীৰ শাখাত আশামনি বৰাই শ্রেষ্ঠ ফাইটাৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। আনহাতে, সমগ্র চেম্পিয়নশিপখনত শ্ৰেষ্ঠ নিয়মানুৱৰ্তীতাৰ সন্মান লাভ কৰে দেৰগাঁৱৰ দলটোৱে। কণ্ঠশিল্পী কুমিজ হাজৰিকাৰ পৰিচালনাৰে পৰিৱেশন কৰা এটি সমবেত সংগীতেৰে আৰম্ভ হোৱা বঁটা বিতৰণী সভাৰ আৰম্ভণিতে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত চেম্পিয়নশ্বিপ উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্রন্থ 'ক্রীড়া তীর্থ' উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংগাঠনিক সম্পাদক অভিবতন গোস্বামীয়ে। উদ্যাপন সমিতিৰ সভাপতি অভিজিৎ বৰা, সম্পাদক শান্তনু কলিতা, স্মৃতিগ্রন্থ উপ-সমিতিৰ সভাপতি বিচিত্র ভূযণ কলিতা, সম্পাদকদ্বয় ইন্দুভূষণ মহন্ত, প্ৰণৱ চক্ৰৱৰ্তী আৰু বিশিষ্ট সমাজকৰ্মী খাইৰুল ইছলাম উপস্থিত থকা স্মৃতিগ্ৰন্থ উন্মোচন অনুষ্ঠানৰ পিছতে আকর্ষণীয় অনুষ্ঠান বঁটা বিতৰণ সম্পন্ন কৰা হয় ।
Comments