গুৱাহাটী, ২৩ জুলাইঃ বলীউড অভিনেতা অৰ্জুন কাপুৰ বৰ্তমান ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ দুয়োটা দিশতে এক সুন্দৰ পৰ্যায়ত উপনীত হৈছে। 'এক ভিলেন ২'ৰ প্ৰচাৰত ব্যস্ত অৰ্জুন কাপুৰ অভিনেত্ৰী মালাইকা অৰোৰাৰ পৰা কিছু আঁতৰি আছে। এতিয়া অৰ্জুন কাপুৰ তেওঁৰ এটা ঘৰ বিক্ৰী কৰাৰ বাবে চৰ্চাত আছে।
দৰাচলতে, অৰ্জুন কাপুৰে অলপতে বান্দ্ৰা ৱেষ্টৰ '৮১ অৰট বিল্ডিং'ত এটা এপাৰ্টমেণ্ট ১৬ কোটি টকাত বিক্ৰী কৰিছে, যিটো এপাৰ্টমেন্ট মালাইকাৰ ঘৰৰ ওচৰত আছিল।
এই ৪,৩৬৪ বৰ্গ ফুটৰ ফ্লেটটো কেচি মাৰ্গৰ ভৱনটোৰ ১৯ তম মহলাত আছে। অৱশ্যে, অভিনেতাজনে তেওঁৰ ফ্লেট বিক্ৰী কৰাৰ কাৰণ প্ৰকাশ কৰা নাই। ফ্লেটটোৰ পঞ্জীয়ন ১৯ মে ২০২২ তাৰিখে কৰা হৈছিল। এই নথিসমূহত অৰ্জুনৰ ভগ্নী অংশুলা কাপুৰে স্বাক্ষৰ কৰিছে।
অৰ্জুনৰ এই ঘৰটো সাগৰমুখী আছিল, য'ৰ পৰা ৱৰ্লি চি-লিংকৰ সুন্দৰ দৃশ্য উপভোগ কৰিব পাৰি। এই ফ্লেটটোত স্পা, লাইব্ৰেৰী, পুলৰ দৰে বহুতো বিলাসী সুবিধা আছিল। বৰ্তমান, অৰ্জুন জুহুৰ এটা ঘৰত বাস কৰে।
একে সময়তে, তেওঁৰ প্ৰেমিকা মালাইকা '৮১ অৰেট বিল্ডিং'ত বাস কৰে। মালাইকাৰ উপৰিও সোণাক্ষী সিনহা, কৰণ কুন্দ্ৰা আৰু ক্ৰিকেটাৰ পৃথ্বীয়েও এই ভৱনটোত বাস কৰে।
অৰ্জুন কাপুৰৰ মুঠ সম্পত্তি হৈছে প্ৰায় ৭৪ কোটি টকা। অৰ্জুনে এখন চিনেমাৰ বাবদ ৫ ৰ পৰা ৭ কোটি টকা লয়। ইয়াৰ উপৰিও, তেওঁ ব্ৰেণ্ড বিজ্ঞাপন আদিৰ পৰাও যথেষ্ট ধন উপাৰ্জন কৰে।
Comments