গুৱাহাটী, ২৩ জুলাইঃ বলীউডৰ প্ৰসিদ্ধ অনুষ্ঠান 'কফি উইথ কৰণ'ৰ সপ্তম চিজন চলি আছে আৰু শেহতীয়াকৈ অনুষ্ঠানটোৰ তৃতীয় খণ্ডটো মুক্তি পাইছে। য'ত অক্ষয় কুমাৰ তেওঁৰ অতিথি আৰু দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ সুন্দৰ অভিনেত্ৰী সামান্থা প্ৰভু উপস্থিত হৈছিল।
কৰণৰ অনুষ্ঠানটো এই দুয়োজনৰ বিশেষ যুটিৰ বাবে অধিক ৰোমাঞ্চকৰ হৈ পৰিছে, লগতে অনুষ্ঠানটোত দুয়ো একেলগে নাচিছে। কিন্তু ইয়াৰ মাজতে, অক্ষয় কুমাৰে তেওঁৰ পত্নী টুইঙ্কল খান্নাৰ বিষয়ে এনে কিছু প্ৰকাশ কৰিছে, যিয়ে হয়টো সকলোকে স্তম্ভিত কৰিব। তেওঁ কৈছে যে, "মই মোৰ পত্নীক ভয় কৰোঁ, লগতে প্ৰতিদিনে মই টুইঙ্কলৰ ভৰি স্পৰ্শ কৰোঁ।
অক্ষয় কুমাৰে 'কফি উইথ কৰণ'ত এই কথাখিনি ব্যক্ত কৰিছে। তেওঁ আনকি আহিবলগীয়া সমস্যাবোৰ এৰাই চলিবলৈ তেওঁৰ পত্নীৰ ভৰি স্পৰ্শ কৰে।
অক্ষয়ে অনুষ্ঠানটোত আৰু কৈছে যে, "যেতিয়াই টুইঙ্কলে কিবা লিখে, মই তেওঁক বুজাবলৈ চেষ্টা কৰোঁ অনুগ্ৰহ কৰি সীমা অতিক্ৰম নকৰিব। মই তেওঁৰ ভৰিত ধৰোঁ, হাতত ধৰোঁ যাতে আমাৰ জীৱনত কোনোধৰণৰ সমস্যাৰ সৃষ্টি নহয়। এনেদেৰে তেওঁক বুজাওতে মোৰ ২-৩ ঘন্টা সময় লাগে।"
ইপিনে, টুইঙ্কলৰ কথা ক'ব গলে তেওঁ এতিয়া চলচ্চিত্ৰ জগতৰ পৰা আঁতৰি আহি নিজৰ বাবে নতুন পথ বিচাৰি লৈছে। টুইঙ্কল বৰ্তমান এগৰাকী সফল লেখিকা।
Comments